বাক্সা, 12 জুন : মাইক্ৰফাইনেঞ্চ(microfinance)ৰ কৰ্মচাৰীৰ ধন লুট(money loot) কৰি বাক্সা আৰক্ষীৰ নিদ্ৰা হৰণ কৰা এটা কুখ্যাত ডকাইতৰ দল অৱশেষত জালত পৰিল আৰক্ষীৰ ৷ ইয়াৰ লগে লগে অপৰাধীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে লাভ কৰিলে আন এক সফলতা ৷ দীৰ্ঘদিন মাইক্ৰফাইনেঞ্চ কোম্পেনীৰ কৰ্মচাৰী সকলৰ পিছ লৈ লুট পাট কৰি অহা দলটোৱে বিগত 7 জুন তাৰিখে সংঘটিত কৰা এটা ডকাইতি কাণ্ডৰ পিছত আৰক্ষীৰ এটা দলে ডকাইতৰ দলটোৰ ওপৰত অনুসন্ধান চলাই দলটো সন্দৰ্ভত কেতবোৰ তথ্য লাভ কৰিছিল ৷
এই তথ্যৰ পম খেদিয়েই পৰৱৰ্তী সময়ত ক্ৰমে অঞ্জন দাস, গোপেশ দাস, হিমাংশু হালৈ, কুলদীপ ৰয় আৰু খনীন ডেকা নামৰ ডকাইত কেইটাক আটক কৰে আৰক্ষীয়ে ৷ এই অভিযানৰ নেতৃত্ব দিছিল বাক্সা জিলাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক(additional SP) উজ্জ্বল প্ৰতিম বৰুৱাই৷ ডকাইতৰ দলটোৰ পৰা এটা এয়াৰ পিষ্টল, পাঁচটা মোবাইল হেণ্ডচেট , দুখন মটৰ চাইকেল আৰু তিনিখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে ৷