অসম

assam

By

Published : Sep 7, 2020, 7:26 PM IST

ETV Bharat / state

বাক্সাত হাতীৰ দাঁত,হৰিণাৰ শিং,হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ অভিযুক্ত

শিমলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত চলোৱা অভিযানত বৃহৎ সাফল্য ৷ অভিযানত দুটা হাতীৰ দাঁত, এটা হৰিণাৰ সিং, এটা হস্তনিৰ্মিত বন্দুক, গুলিৰ লগতে তিনিজন অভিযুক্ত চিৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷

গ্ৰেপ্তাৰ অভিযুক্ত
গ্ৰেপ্তাৰ অভিযুক্ত

বৰমা, 7 ছেপ্তেম্বৰ: বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত হাপাচাৰা কৰেবাৰীত আৰক্ষীৰ লগতে, বন বিভাগ আৰু এছ.এছ.বিৰ জোৱানে এক অভিযান চলায় ৷ অভিযানত দুটা হাতীৰ দাঁত, এটা হৰিণাৰ শিং, এটা হস্তনিৰ্মিত বন্দুক, গুলিৰ লগতে তিনিজন অভিযুক্ত চিৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ ধৃত চোৰাং চিকাৰী তিনি জন ক্ৰমে, হাপাচাৰাৰ লংকেশ্বৰ বসুমতাৰী, বিনোদ বসুমতাৰী আৰু কৰেবাৰীৰ মদন গয়াৰী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

বাক্সাত হাতীৰ দাঁত,হৰিণাৰ শিং,হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ অভিযুক্ত

প্ৰায় দুসপ্তাহ পূৰ্বে বাটাবাৰী ৰেঞ্জৰ অধীনৰ জামগুৰি বনাঞ্চলত বনৰীয়া দঁতাল হাতী এটাক হত্যা কৰি দাঁত লৈ তিনিওজন অভিযুক্ত উধাও হৈছিল বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে আৰক্ষীয়ে ৷ দাঁত দুটা বিক্ৰীৰ উদ্দেশ্যে ঘৰত ৰাখি থোৱা অৱস্থাতে অভিযানকাৰী দলটোৱে চলোৱা অভিযানত আন আন সামগ্ৰী সমূহ জব্দ কৰাৰ লগতে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে তিনিওজন লোকক শিমলা আৰক্ষীয়ে নিজৰ জিম্মালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷ পূৰ্বেও তিনিওজন লোক বন্যপ্ৰাণী নিধনত জড়িত থকাৰ সংন্দেহ আৰক্ষীৰ ৷

লগতে পঢ়ক:থানাৰ পৰা মুকলি হৈয়েই এজেৱাইচিপি নেতাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details