অসম

assam

By

Published : Sep 8, 2020, 2:09 PM IST

ETV Bharat / state

হৰিণৰ শিং আৰু বন্দুকসহ আটক চোৰাং চিকাৰী

অস্ত্ৰসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাংচিকাৰী বৰোণ্ডা বড়ো । ডুমুৰীগুৰিৰ বাসগৃহৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু তিনিটা হৰিণাৰ সিং সহ গ্ৰেপ্তাৰ কৰে শিমলা আৰক্ষীয়ে ।

poacher
poacher

বাক্সা, 8 ছেপ্টেম্বৰ : বাক্সাৰ শিমলা আৰক্ষীৰ পুনৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান । অস্ত্ৰসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰাং চিকাৰী বৰোণ্ডা বড়ো । ডুমুৰীগুৰিৰ বাসগৃহৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু তিনিটা হৰিণাৰ সিং সহ গ্ৰেপ্তাৰ কৰে শিমলা আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত হৰিণা আৰু বনৰীয়া হাতী নিধন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাংস বিক্ৰী কৰি আহিছিল বৰোণ্ডাই ।

হৰিণৰ শিং আৰু বন্দুকসহ আটক চোৰাং চিকাৰী

শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলৰ অভিযানত এই বৃহৎ সাফল্য । উল্লেখ্য যে, দেওবাৰে নিশা তিনি চোৰাংচিকাৰী অস্ত্ৰ আৰু হাতীৰ দাঁত, হৰিণাৰ শিং সহ গ্ৰেপ্তাৰ কৰি সোমবাৰে জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল শিমলা আৰক্ষী । ইয়াৰ পূৰ্বে চিৰাঙতো আৰক্ষীৰ জালত পৰিছিল হাতী দাঁত আৰু বন্দুকসহ তিনিটাকৈ চোৰাং চিকাৰী ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত হাতী হত্যা কৰি হাতীৰ দাঁত চোৰাং ব্যৱসায়ীক বিক্ৰী কৰি আহিছিল চোৰাং চিকাৰী কেইটাই ৷

চোৰাং চিকাৰীৰ পৰা জব্দকৃত হৰিণাৰ শিং

লগতে পঢ়ক :বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই

ABOUT THE AUTHOR

...view details