তামুলপুৰ, 26 অক্টোবৰ:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নিজডেফেলীত পিপ'লছ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ শনিবাৰে আবেলি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে এন ডি এফ বি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰী । উক্ত সভাত একালৰ সতীৰ্থ ধীৰেন বড়োক ক্ষুৰধাৰ সমালোচনা কৰে এন ডি এফ বি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ ব্যক্তি স্বাৰ্থ পূৰণৰ বাবে সংগ এৰা বুলি গোবিন্দ বসুমতাৰীয়ে ধীৰেণ বড়োক সমালোচনা কৰে ৷
তামুলপুৰত PJACBMৰ সভাত ধীৰেণ বড়োক ক্ষুৰধাৰ সমালোচনা গোবিন্দ বসুমতাৰীৰ - pjacbm meeting in tamulpur news
বাক্সা জিলা পিপ'লছ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ ৩২ জনীয়া সমিতি গঠন ৷
![তামুলপুৰত PJACBMৰ সভাত ধীৰেণ বড়োক ক্ষুৰধাৰ সমালোচনা গোবিন্দ বসুমতাৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4878539-thumbnail-3x2-ndfb.jpg)
pjacbm meeting in tamulpur baksa
তামুলপুৰত পিপোলচ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ সভা অনুষ্ঠিত
এন ডি এফ বিৰ(প্ৰ)ৰ সভাপতিগৰাকীয়ে বিটিএডিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীকো বড়োলেণ্ডৰ বিৰোধিতা কৰা বাবে তীৰ্যকভাৱে সমালোচনা আগবঢ়ায় ৷ এই সভাতে বাক্সা জিলা পিপ'লছ জইন্ট এক্সন ফৰ বড়োলেণ্ড মোভমেন্টৰ ৩২ জনীয়া এখনি সমিতি গঠন কৰা হয় আৰু উক্ত সভাতে এবছু, ইউ পি পি দলৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
লগতে চাওকঃৰাজ্যৰ প্ৰান্তে প্ৰান্তে শনিবাৰেও অব্যাহত বিজেপিৰ সংকল্প যাত্ৰা