বাক্সা, 26 নৱেম্বৰ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰিবৃহস্পতিবাৰে বাক্সাত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika visits Baksa) ৷ বাক্সাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ সমস্যাৰ বুজ লয় ৷ লগতে হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধা সঠিকভাৱে পাইছে নে নাই সেই বিষয়েও বুজ লয় জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৷
ইয়াৰোপৰি বৰমাৰ দীঘেলীত অটল অমৃত অভিযান আঁচনি (Atal Amrit Abhiyan scheme)ৰ হিতাধিকাৰী বিণা বড়োৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ বৰ্তমান অৱস্থাৰ বুজ লয় ৷ উল্লেখ্য যে, 2017 চনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 'অটল অমৃতৰ কাৰ্ড' লাভ কৰিছিল বিণা বড়োৱে । এই কাৰ্ডৰ সুবিধামৰ্মে 2018 চনত উত্তৰ গুৱাহাটীৰ জিএনআৰছি(GNRC)ত সম্পূৰ্ণ বিনামূলীয়াকৈ কিডনী ষ্টোনৰ অস্ত্ৰপ্ৰচাৰ কৰিছিল বিণা বড়োৱে । সেয়ে মন্ত্ৰী পীযুষ হাজৰিকাই বিণা বড়োৰ বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কেও বুজ লয় ৷