অসম

assam

By

Published : Mar 31, 2019, 11:51 PM IST

ETV Bharat / state

হাগ্ৰামা আৰু নৱ শৰণীয়া একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

বাক্সাৰ নিজ ডেফেলী পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় পিপুলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

তামুলপুৰ, 31 মাৰ্চঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ নিজ ডেফেলী পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় পিপলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ দেওবাৰে দিনৰ 12 বজাত অহা ধুমুহা বৰষুণৰ বাবে অধিৱেশনস্থলী ভাঙি পৰে যদিও পিছত ডেভেলী হাইস্কুলৰ মুকলি মঞ্চত অধিৱেশনৰ মূল সভাখন অনুষ্ঠিত হয় ৷

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

মুকলি অধিৱেশনত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীকেধৰি বহুকেইগৰাকী নেতা৷সমাগত লোকসভা নিৰ্বাচনক লৈ শংকিত হৈ আছে হাগ্ৰামা মহিলাৰী ৷ সেয়েহে ইউ পি এলৰ বিৰুদ্ধে আবোল-তাবোল বকি আছে হাগ্ৰামাই৷ গছ কটা, কাঠ ফলা আৰু কাঠ ফলা মেচিনৰ মানুহ হাগ্ৰামাৰে, কিন্তু এই সকলো অপযশ এবছু আৰু এন ডি এফ বি প্ৰগতিশীলৰ ওপৰত জাপি দি দায় সাৰিব বিছাৰিছে ৷ বিগত বছৰ সমূহত হাগ্ৰামাই কেৱল টকা আৰু টকা আত্মসাৎ কৰিছে বুলি কয় গোবিন্দ বসুমতাৰীয়ে ৷

বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

আনহাতে, এবছুৰ সভাপতি প্ৰমোদ বড়োৱেহাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি এনেকুৱা নেতাৰ বাবেই বিটিচি উন্নয়নৰ পৰা বঞ্চিত হৈ আছে বুলি কয় ৷ এনেকুৱা নেতাৰ দলক ভোট দিলে বিটিচিৰ ৰাইজ সামাজিক আৰু অৰ্থনৈতিকভাৱে আৰু পিছপৰি যাব ৷ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু হাগ্ৰামা মহিলাৰী একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলি কয় প্ৰমোদ বড়োৱে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details