নিউজ ডেস্ক, 2 ডিচেম্বৰ :সোমবাৰে দুপৰীয়া যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল গণ প্ৰহাৰৰ লোমহৰ্ষক ঘটনাটো (Mob lynching in Jorhat) ৷ য’ত ক’লা ল’ৰাৰ নেতৃত্বত এদল উন্মাদপ্ৰায় লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল তিনি যুৱকক ৷ এই ঘটনাত নিহত হয় গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ ৷ এজন অসহায় লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওতেই দুৰ্বৃত্তৰ এটা দলৰ গণপ্ৰহাৰত মৃত্যুমুখত পৰিবলগীয়া হৈছিল অনিমেষ ভূঞাই ৷
ছাত্ৰ নেতাগৰাকীৰ এই বৰ্বৰ হত্যাকাণ্ডৰ(Jorhat mob lynching) বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে বিবেচিত ক’লা ল’ৰাৰ মৃত্যু হৈছে যদিও (Death of Jorhat mob lynching main accused) ঘটনাৰ লগত জড়িত বাকীকেইজন দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷