অবিশ্বাস্য পৰম্পৰাৰে বাক্সাত চড়ক পূজা
অবিশ্বাস্য, ভয়ংকৰ, দুঃসাহসিক, শিহৰণকাৰী বাক্সাৰ মুৰমেলাৰ চড়ক পূজা ৷ জ্বলন্ত অঙঠা আৰু চোকা দাৰ ওপৰেৰে খোজ কাঢ়ি অতীজৰ পৰম্পৰাৰে লোক সকলে পালন কৰি আহিছে চড়ক পূজা ৷
বাক্সা,15 এপ্ৰিল :বসন্তৰ বতৰত অনুষ্ঠিত এক শিহৰণকাৰী পূজা ৷ এই পূজাৰ আছে অবিশ্বাস্য, ভয়ংকৰ, দুঃসাহসিক নীতি-নিয়ম ৷ জ্বলন্ত অঙঠাৰ ওপৰেদি অনায়াসে খোজ কাঢ়িছে এই পূজাত অংশগ্ৰহণ কৰা লোকসকলে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা বাক্সা জিলাৰ মূৰমেলাতো অনুষ্ঠিত হয় পৰম্পৰাগত চড়ক পূজা । জ্বলন্ত অঙঠা আৰু চোকা দাৰ ওপৰেৰে খোজ কঢ়াৰ পিছতো সম্পূৰ্ণ সুস্থ হৈ আছে এই পূজাত অংশগ্ৰহণ কৰা লোকসকল । কেৱল এইয়া নহয় বিভিন্ন মানুহক শৰীৰৰ ভিন্ন অংগত বৰশী তথা ত্ৰিশূল আদিৰে বিন্ধোৱাৰ পিছতো সুস্থ হৈ আছে তেওঁলোক ৷
বিগত ৭০ বছৰ ধৰি বাক্সা জিলাৰ বৰমাৰ সমীপৱৰ্তী মূৰমেলাত স্থানীয় ৰাইজে উৎযাপন কৰি আহিছে এই চড়ক পূজা । বিগত বৰ্ষত ক’ৰণা মহামাৰীৰ বাবেই পূজা অনুষ্ঠিত নহ'ল যদিও এইবাৰ পূৰ্বৰ ধাৰা অটুত ৰাখিয়েই এই পূজাভাগ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে উৎযাপন সমিতিৰ উপদেষ্টা অজিত দাসে ।
লগতে পঢ়ক:ৰঙালীৰ অন্যতম পৰম্পৰাগত খাদ্য আমৰলি পৰুৱাৰ টোপ