অসম

assam

ETV Bharat / state

ম'হ পালনৰ এক স্বৰ্গীয় অনুভূতি ক্ষেত্ৰ বাক্সাৰ ৰাজাবিল - বাক্সা

দিনৰ ভাগত ম'হবোৰে জাক পাতি সোমাই যায় মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘন বনাঞ্চললৈ আৰু পুৱা জংঘলৰ পৰা উভতি আহি নিজৰ নিজৰ খুঁটিত বান্ধ খাই গৰাকীক দিয়ে গাখীৰ ৷

Pathsala buffalo story
ম'হ পালনৰ এক স্বৰ্গীয় অনুভূতি ক্ষেত্ৰ বাক্সাৰ ৰাজাবিল

By

Published : Jun 16, 2020, 4:58 PM IST

পাঠশালা, 17 জুন : বাক্সাৰ ৰাজাবিলৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ৰূপহী তথা ভূটানৰ পৰা বৈ অহা পহুমৰা নদীৰ পাৰত থকা ম'হ পালনৰ বিচিত্ৰতা অনুভৱ কৰিলে আপোনাৰো মন যাব তেনে স্বৰ্গীয় অনুভূতি স্বচ্ছক্ষে চাবলৈ ৷ বছৰ বছৰ ধৰি উক্ত স্থানত চলি আহিছে ম'হ পালন ৷ দিনৰ ভাগত ম'হবোৰে জাক পাতি সোমাই যায় মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘন বনাঞ্চললৈ আৰু পুৱা জংঘলৰ পৰা উভতি আহি নিজৰ নিজৰ খুঁটিত বান্ধ খাই গৰাকীক দিয়ে গাখীৰ ৷ গাখীৰ দিয়াৰ পাছত ম'হজাক পুনৰ গুছি যায় মানসৰ গভীৰতালৈ ৷ এনে দৃশ্য কল্পনাৰো যেন অতীত ৷

ম'হ পালনৰ এক স্বৰ্গীয় অনুভূতি ক্ষেত্ৰ বাক্সাৰ ৰাজাবিল

নিজৰ গৰাকীৰ বাদে আন কোনো মানুহক ওচৰ চাপিবলৈ নিদিয়ে ম'হৰ জাকে ৷ এই গাখীৰ অতি কম দামত আগধন পোৱা চুক্তি অনুসৰি বাঘমাৰাৰ বিক্ৰেতাক প্ৰদান কৰে ম'হপালকে ৷ আনকি অতি কম দামত ইয়াত বাঁহৰ চুঙাত দৈও প্ৰস্তুত কৰা হয় ৷ দীৰ্ঘদিনৰ পৰাই বছেৰেকীয়া চুক্তি অনুসৰি ম'হপালকৰ পৰা বাঘমাৰাৰ বিক্ৰেতাই গাখীৰ কিনি আনি দৈ বনাই বিক্ৰী কৰি আহিছে ৷

আনহাতে মানসত কোন মুহূৰ্তত বাঘে ম'হৰ জাকক আক্ৰমণ কৰি লৈ যায় তাৰো ঠিকনা নাই ৷ সাংবাদিকৰ কেমেৰাত সোমবাৰে বন্দী হয় বাঘে ম'হ এজাকক খেদা দৃশ্য ৷ এনেদৰে কঠিন সংগ্ৰাম কৰি দীৰ্ঘদিন ধৰি ম'হ পালকসকলে উজ্জীৱিত কৰি ৰাখিছে পৰম্পৰাগত জীৱিকাক ৷

লগতে চাওকঃ ছ'চিয়েল মিডিয়াত কবিতাৰে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি ফাৰহান আখটাৰৰ

ABOUT THE AUTHOR

...view details