অসম

assam

ETV Bharat / state

বাক্সা জিলাৰ মুছলপুৰৰ এটা বিধ্বস্ত পথে পথচাৰীক জ্বলা-কলা খুৱাইছে ! - পথচাৰী

অভিযোগ অনুসৰি ছয়মাহ পূৰ্বে মেৰামতি কৰা এই পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷

বিধ্বস্ত পথে পথচাৰীক জ্বলা কলা খুৱাইছে !

By

Published : May 21, 2019, 3:26 PM IST

চাপাগুৰি , 21 মে':একাংশ ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মাজমজিয়াত অৱস্থিত এটা পথ ৷ পথচাৰীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা এই পথটোৱে মুছলপুৰবাসীক জীয়াতু ভোগাইছে ৷

বিধ্বস্ত পথে পথচাৰীক জ্বলা কলা খুৱাইছে !

অভিযোগ অনুসৰি ছয় মাহ পূৰ্বে মেৰামতি কৰা এই পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ মুছলপুৰ চহৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ যোৱা এই পথছোৱাৰে দৈনিক সহস্ৰাধিক লোকৰ লগতে সৰু, ডাঙৰ গাড়ী চলাচল কৰে ৷ আনকি এই পথটোৰ ওচৰতে তিনিখনকৈ শিক্ষানুষ্ঠান অৱস্থিত আছে ৷ কিন্তু এজাক বৰষুন আহিলেই পথটো পানীৰে উপচি যাতায়ত ব্যাহত হৈ পৰে ৷ যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত এতিয়া পথচাৰীসকলে যমৰ যাতনা ভোগ কৰি আহিছে ৷ গাঁওবাসীৰ অভিযোগ অনুসৰি , বিটিচিত নগৰ উন্নয়ন বিভাগ এটা আছে যদিও আজিলৈকে এই সন্দৰ্ভত বিভাগটোৱে কোনো গুৰুত্ব দিয়া নাই ৷ যাৰবাবে পথটো ভাঙি চিঙি জৰাজীৰ্ণ ৰূপ লোৱাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details