অসম

assam

ETV Bharat / state

বাইকৰ পিঠিত উঠি অৰঙে-দৰঙে পৰিবহণ মন্ত্ৰী - পৰিবহণ মন্ত্ৰী

বাক্সাৰ বৰমাত বাইক ৰেলীৰে উপস্থিত হ’ল পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ পথ দুৰ্ঘটনা ৰোধৰ বাবে বৰমাত সজাগতা সভা ৷

path suraksha jan andolan assam minister parimal suklabaidya joins bike rally in baksa
বাইক ৰেলীৰে বাক্সাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:56 PM IST

বৰমাত সজাগতা সভা

বাক্সা, ২৫ নৱেম্বৰ : পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱসৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবলৈ বাইক ৰেলীৰে অসম চকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য শনিবাৰে উপস্থিত হয় বাক্সা জিলাৰ বৰমাত । অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি পথ সুৰক্ষাৰ জন আন্দোলন সৃষ্টি কৰিবলৈ আৰম্ভ কৰা এই বাইক ৰেলীৰ সমান্তৰালকৈ ঠায়ে ঠায়ে সজাগতা সভাৰ আয়োজন কৰা হৈছে ৷

বাক্সা জিলাৰ বৰমাতো বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি এক সজাগতা সভাৰ আয়োজন কৰা হয় ৷ বৰমা মহাবিদ্যালয়ৰ প্ৰবক্তা জয়ন্ত কলিতাই আঁত ধৰা সজাগতা সভাখনত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপস্থিত থাকি পথ নিৰ্মাণ কৰোতে কোনেও পথ দুৰ্ঘটনা হোৱাটো নিবিচাৰে বুলি উল্লেখ কৰে ৷ তেওঁ পথসমূহ নিৰ্মাণ দুৰ্ঘটনা ৰোধৰ বাবেহে কৰা হয় বুলি কয় ৷

বিগত বছৰটোত অসমত তিনি হাজাৰ মানুহৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কৈ দুৰ্ঘটনাসমূহ বেছিভাগ চালকগৰাকীৰ নিজৰ অসাৱধানতাত আৰু মাদকদ্ৰব্য ব্যৱহাৰৰ ফলতে হয় বুলি জানিবলৈ দিয়ে ৷ আগৰ তুলনাত এতিয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা কিছু কমিছে বুলি কৈ পথ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে বুলিও উল্লেখ কৰে ৷

পথ মানুহৰ সম্বল ৷ তেওঁ সকলোকে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ কয় ৷ প্ৰাৰ্থনা কৰিলে মানুহৰ মন মগজু শুদ্ধ হয় বুলি মন্তব্য কৰি কোনো মানুহে মৃত্যু নিবিচাৰে বুলি মত প্ৰকাশ কৰে ৷ দুৰ্ঘটনা ৰোধৰ বাবেই এই ৰেলী আৰু সজাগতা সভাৰ দ্বাৰা চালকসকলক সজাগ কৰাই মূল লক্ষ্য বুলি জানিবলৈ দিয়ে ৷ চালকসকললৈ গাড়ী চলাওতে তীব্ৰ গতিবেগ কম কৰাৰ বাবে অনুৰোধ জনাই তেওঁ ৷ নিয়মানুৱৰ্তিতাৰে গাড়ী চলালে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা যায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য তেওঁৰ ৷ পথ সুৰক্ষিত থকাৰ ক্ষেত্ৰতো যান বাহন চালক তথা সকলোৰে কৰণীয় আছে বুলি তেওঁ কয় ৷

ইপিনে সভাত উপস্থিত থাকি ই এম ৰনেন নাৰ্জাৰীয়ে সকলো মানুহে ভগৱানক বিশ্বাস কৰিব লাগে বুলি কয় ৷ গাড়ী চলাওতে সদায় চালকগৰাকীয়ে শুদ্ধ পথেৰে, সুস্থ চিন্তাৰে ভগৱানৰ নাম লৈ চলাব লাগে বুলি কয় ৷ গাড়ী চলাওতে মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থকাৰ কথা তেওঁ উল্লেখ কৰে ৷ উক্ত সজাগতা সভাত মন্ত্ৰীগৰাকীৰ লগত সংগ দিয়ে বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীসকলে ৷

লগতে পঢ়ক :মানুহক সজাগ কৰিবলৈ বাইক লৈ ঘুৰি ফুৰিছে অসম চৰকাৰৰ এজন মন্ত্ৰী

ABOUT THE AUTHOR

...view details