অসম

assam

ETV Bharat / state

বাক্সাৰ বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তত উত্তেজনা - কামৰূপ গ্ৰাম্য বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়ত

মঙলবাৰে বাক্সা জিলাৰ সীমান্তৰ কামৰূপ গ্ৰাম্যৰ বৰডাঙ্গেৰীকুছি গাওঁ পঞ্চায়তত উত্তেজনাৰ সৃষ্টি হয় ৷ পঞ্চায়তৰ সভানেত্ৰী,সম্পাদক আৰু GRSৰ লিখিত প্ৰতিশ্ৰুতিৰ পাছতহে নিয়ন্ত্ৰণলৈ আহে পৰিৱেশ ৷ একাংশ লোকৰ পৰা লোৱা ধন ওভতাই দিয়াৰো আশ্বাস প্ৰদান কৰিলে ৰাইজৰ আগত ।

বাক্সাৰ বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়ততবাক্সাৰ বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তত উত্তেজনা উত্তেজনা
বাক্সাৰ বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তত উত্তেজনা

By

Published : Sep 15, 2020, 4:58 PM IST

বাক্সা,15 চেপ্তেম্বৰঃমঙলবাৰে বাক্সা জিলাৰ সীমান্তৰ কামৰূপ গ্ৰাম্য বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে পঞ্চায়তৰ কাৰ্যালয়ত। স্থানীয় ৰাইজ তথা বজৰং দলে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি জৱাবদিহি কৰিলে বিষয়া কৰ্মচাৰীক ৷ ৰাইজৰ অভিযোগ অনুসৰি PMAY, দমকল, অনাময় শৌচালয় দিয়াৰ নামত ধন লোৱাৰ অভিযোগ পঞ্চায়ত খনৰ একাংশ প্ৰতিনিধিৰ বিৰুদ্ধে ৷

বাক্সাৰ বৰডাঙ্গেৰীকুছি গাঁও পঞ্চায়তত উত্তেজনা

তেওঁলোকৰ অভিযোগ,একাংশ দৰিদ্ৰ লোকক GEOTAKE কৰা নাই দায়িত্বত থকা পঞ্চায়ত খনৰ জন প্ৰতিনিধি সকলে ৷ ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মঙলবাৰে ৷ পিচত অৱশ্যে পঞ্চায়তৰ সভানেত্ৰী,সম্পাদক আৰু GRS য়ে ৰাইজক লিখিতভাৱে এমাহৰ ভিতৰত GEOTAKE কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচত পৰিস্থিতি শান্ত হয় ৷

লগতে চাওকঃ ক'ভিড-19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details