বাক্সা, 1 মেঃ বৰষুণৰ ফলত জাৰতালুক আৰু তামুলপুৰত ক্ৰমাৎ ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ ২০১৬ -১৭ চনতে পাগলদিয়া নদীত দ্বিতীয় খন দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই। আধাৰশিলা স্থাপনৰ পিচতে কাম আৰম্ভ হৈছিল যদিও ঠিকাদাৰে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা দলংখনৰ এফাল খহি পৰাৰ ফলত আধাতে দায়িত্ব সামৰাৰ অভিযোগ তুলিছে জাৰতালুক গাঁৱৰ সভাপতিয়ে।
বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক - TAMULPUR
আধাৰশিলা স্থাপনৰ পিচতে কাম আৰম্ভ হৈছিল যদিও ঠিকাদাৰে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা দলংখনৰ এফাল খহি পৰাৰ ফলত আধাতে দায়িত্ব সামৰাৰ অভিযোগ তুলিছে জাৰতালুক গাঁৱৰ সভাপতিয়ে
![বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3161869-985-3161869-1556724020024.jpg)
বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক
বাক্সাত দুখনকৈ বাঁহৰ দলঙে জলাকলা খুৱাইছে স্থানীয় ৰাইজক
আৰু পঢ়কঃ বলিৰ পৰিৱৰ্তে মাহ-প্ৰসাদেৰে পালন ৫০ বছৰীয়া বাথৌ পূজা
ঠিকাদাৰৰ হেমাহীৰ বাবে এতিয়া যমৰ যাতনা ভুগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। বাঁহৰ দলংখন নিৰ্মাণ কৰা যুৱকসকলে জানিবলৈ দিয়া মতে এই দলংখনেৰে তিনিশতকৈ অধিক বাইক বিপদ সংকুল ভাৱে প্ৰতি দিনে অহা যোৱা কৰিছে। কিন্তু বৰ্তমানেও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷