অসম

assam

ETV Bharat / state

পাগলাদিয়াৰ মথাউৰিয়ে বিপদ মাতিছে জনসাধাৰণলৈ - মন্ত্ৰী পীয়ুষ হাজৰিকা

পাগলাদিয়াৰ নৈৰ ওপৰত থকা মথাউৰিটো ২০২০ বৰ্ষতে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু প্ৰথম বাৰতে বানে ছিঙি নিছিল মাথাউৰিটোৰ আধা অংশ ৷ বাঢ়নী পানীয়ে উটুৱাই নিছিল বহু সংখ্যকলোকৰ ঘৰ বাৰী ৷ আনহাতে বৰ্তমানেও মথাউৰিটো মেৰামতিৰ কাম চলি আছে যদিও মথাউৰিটোৰ বহু অংশত বৃহৎ বৃহৎ ফাত মেলা পৰিলক্ষিত হৈছে ৷ যাক লৈ শংকিত হৈ পৰিছে স্থানীয় জনসাধৰণ ৷

পাগলাদিয়াৰ মথাউৰিয়ে বিপদ মাতিছে জনসাধাৰণলৈ
পাগলাদিয়াৰ মথাউৰিয়ে বিপদ মাতিছে জনসাধাৰণলৈ

By

Published : Jul 1, 2021, 9:56 PM IST

বাক্সা, ১ জুলাই :সমগ্ৰ ৰাজ্যতে কৰ’ণাৰ (Corona) আতংক অব্যাহত আছে । কিন্তু তাৰ মাজতে ৰাজ্যবাসীৰ বাবে গৰাখহনীয়াই (Erosion) ভূতৰ ওপৰত দানৱৰ ৰূপত দেখা দিছে । অসমৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো তীব্ৰতৰ হৈছে গৰাখহনীয়া । ঘৰ-দুৱাৰ, মাটি-সম্পত্তি সকলো হেৰুৱাই এতিয়া সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক । বছৰ বছৰ ধৰি হৈ অহা খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত সম্প্ৰতি বহু লোকে ঘৰ-বাৰী এৰি আন ঠাইলৈ যাব লগীয়া হৈছে ।

উল্লেখযোগ্য যে, পাগলাদিয়াৰ নৈৰ ওপৰত থকা মথাউৰিটো ২০২০ বৰ্ষতে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু প্ৰথম বাৰতে বানে ছিঙি নিছিল মাথাউৰিটোৰ আধা অংশ ৷ বাঢ়নী পানীয়ে উটুৱাই নিছিল বহু সংখ্যকলোকৰ ঘৰ-বাৰী ৷ আনহাতে বৰ্তমানেও মথাউৰিটো মেৰামতিৰ কাম চলি আছে যদিও মথাউৰিটোৰ বহু অংশত বৃহৎ বৃহৎ ফাত মেলা পৰিলক্ষিত হৈছে ৷

যাৰ বাবে স্থানীয়লোকে আশংকা প্ৰকাশ কৰিছে যে, এইবেলি বানত পাগলদিয়াৰ নৈত নিৰ্মাণ হোৱা মাথাউৰিটোত পুনৰ খহনীয়া হৈ সমগ্ৰ অঞ্চল প্লাৱিত হ’ব ৷ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ নকৰি মথাউৰিটো বালি মাটিৰে নিৰ্মাণ কৰা গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

পাগলাদিয়াৰ মথাউৰিয়ে বিপদ মাতিছে জনসাধাৰণলৈ

তাৰমাজতে বৃহস্পতিবাৰে মথাউৰিটোত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ জলসম্পদ বিভাগৰ অভিষন্তা, উচ্চ পদস্থ বিষয়াক লগত লৈ জাৰতালূকত মথাউৰি আৰু গৰাখহনীয়া সম্পৰ্কে বুজ লয় ৰাজ্যৰ জলস্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে শীঘ্ৰে জিঅ’ বেগ আৰু পাৰ্কুপাইনৰ ব্যৱস্থা কৰিবলৈ নিদেৰ্শ দিয়ে বিভাগীয় বিষয়াক ৷ মথাউৰি পৰিদৰ্শন কালত মন্ত্ৰী পীয়ুষ হাজৰিকাক সংগ দিয়ে বিটিআৰৰ পষিদৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োয়ে ৷

উল্লেখযোগ্য যে, চৰকাৰে এইসমূহ অঞ্চলত বান সমস্যা সমাধান কৰিব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে ৷ বছৰৰ পাচত বছৰ গৈছে, ইখনৰ পাচত সিখন চৰকাৰ আহিছে-গৈছে, কিন্তু ইয়াৰ মাজত ৰাইজৰ সমস্যা যেন সমস্যা হৈয়ে আছে ৷ নিৰ্বাচন গ’লে সকলো নেতাৰ মুখৰ কথাৰ গুৰুত্ব নোহোৱা হয় বুলি ক্ষোভ উজাৰে ভুক্তভোগী বানাক্ৰান্তই ৷

একেদৰে এই অঞ্চলসমূহত যাতায়াত, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, ভূমি পট্টাৰ লগতে অনাময় আঁচনিৰ ব্যৱস্থাও কৰি দিয়া নাই চৰকাৰে ৷ বছৰৰ বাৰমাহে কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে অঞ্চলবাসীয়ে । অতি শীঘ্ৰেই এই অনুন্নত আৰু পিছপৰি ৰোৱা অঞ্চলসমূহৰ বাট-পথ, বিশুদ্ধ খোৱা পানী, উন্নত বিদ্যুৎ সেৱা, অনাময় ব্যৱস্থাকে আদি কৰি বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ ব্যৱস্থা ল'বলৈ নৱ নিৰ্বাচিত চৰকাৰ, জনপ্ৰতিনিধিসকলক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ বঙাইগাঁৱত বাঢ়নী পানীৰ জটিল ৰূপ ধাৰণ

ABOUT THE AUTHOR

...view details