অসম

assam

ETV Bharat / state

বাক্সাত শালি ধান চপোৱাত ব্যস্ত কৃষক ৰাইজ

বাক্সাৰ খাৰুৱাজান গাঁৱত শালি ধান চপোৱাত ব্যস্ত গাঁওবাসী ৷ জিলাখনৰ 75 % লোক কৃষিকৰ্মৰ সৈতে জড়িত হৈ আছে ৷

paddy cultivation in baksa
বাক্সাত শালি ধান চপোৱাত ব্যস্ত কৃষক ৰাইজ

By

Published : Dec 16, 2020, 7:14 AM IST

বাক্সা,16 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ খাৰুৱাজান গাঁৱতো এতিয়া শালি ধান চপোৱাত ব্যস্ত কৃষকসকল ৷ পথাৰত পুৰুষ-মহিলা সকলোৱে একেলগে হৈ ধান চপোৱা পৰিলক্ষিত হৈছে ৷

বাক্সাত শালি ধান চপোৱাত ব্যস্ত কৃষক ৰাইজ

পূৰ্বৰে পৰা পথাৰৰ পৰা শালি ধান চপোৱাৰ শেষত সকলোৱে লগ হৈ ন খোৱা পৰম্পৰা চলি আহিছে ৷ উল্লেখ্য যে, জিলাখনৰ 75 % লোক কৃষিকৰ্মৰ সৈতে জড়িত ৷ ধান খেতিৰ উপৰিও তেওঁলোকে ৰবি শস্য যেনে- আলু, কচু, সৰিয়হ, বেঙেনা, কবি, বিভিন্ন শাক-পাচলিৰ খেতি কৰা দেখা যায় ৷

অৱশ্যে বজাৰৰ ক্ষেত্ৰত গাঁওবাসীৰ কোনো অসুবিধা নাই ৷ কিয়নো নলবাৰী, বৰপেটা জিলাৰ পৰা যথেষ্ট বেপাৰীয়ে শস্যসমূহ বজাৰত নতুবা ঘৰলৈ গৈ ক্ৰয় কৰে ৷

লগতে পঢ়ক :মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে:সাংসদ প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details