অসম

assam

ETV Bharat / state

নিবনুৱাৰ বাবে আদৰ্শ বাক্সাৰ টংকেশ্বৰ দাস - আদৰ্শ খেতিয়ক

কোভিড-19 আৰু বানপানীয়ে অসমবাসীক জুৰুলা কৰাৰ সময়তে বাক্সা জিলাৰ এজন খেতিয়কে দেখুওৱাইছে আদৰ্শৰ বাট ৷ সামাজিক দুৰত্ব আৰু চৰকাৰী নীতি-নিয়ম পালন কৰি খেতিয়ক গৰাকীয়ে 50 বিঘা ধান খেতিৰে ৰাজ্যৰ নিবনুৱাক দেখুওৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ টংকেশ্বৰ দাসে নিজ মাটিৰ উপৰিও মাটি বন্ধকত লৈ সময় অনুসৰি বিভিন্ন খেতি কৰি সমগ্র এলেকাটোতেই এজন আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে । খেতিয়ক দাসে এইবাৰ আইজুং,বাহাদুৰ,বোকা আদি ধান খেতি আৰম্ভ কৰিছে । প্ৰতিদিনে টংকেশ্বৰ দাসে ২০ৰ পৰা ২২ গৰাকী ৰোৱনী আৰু ৬ গৰাকী বনুৱাৰে খেতিৰ কাম তীব্র গতিৰে আগবঢ়াই নি আছে ।

paddy cultivation in assam Baksa district
নিবনুৱাৰ বাবে আদৰ্শ বাক্সাৰ টংকেশ্বৰ দাস

By

Published : Jul 14, 2020, 5:08 PM IST

বৰমা, 14 জুলাই : ক'ভিড-19 আৰু বানপানীয়ে অসমবাসীক জুৰুলা কৰাৰ সময়তে বাক্সা জিলাৰ এজন খেতিয়কে দেখুওৱাইছে আদৰ্শৰ বাট ৷ সামাজিক দুৰত্ব আৰু চৰকাৰী নীতি-নিয়ম পালন কৰি খেতিয়ক গৰাকীয়ে 50 বিঘা ধান খেতিৰে ৰাজ্যৰ নিবনুৱা সকলক দেখুওৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷

নিবনুৱাৰ বাবে আদৰ্শ বাক্সাৰ টংকেশ্বৰ দাস

বাক্সা জিলা জালাহ ৰাজহচক্ৰৰ অন্তৰ্গত কুজিদেওঁ গাঁৱৰ নিবাসী টংকেশ্বৰ দাসে প্ৰতি বছৰে বিভিন্ন ধৰণৰ খেতি কৰি সমগ্র অঞ্চলতেই এজন আদৰ্শ খেতিয়ক হিচাপে নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈ আহিছে । ক'ভিড-19ৰ সংহাৰ চলি থকাৰ সময়তে চলিত বৰ্ষতো খেতিয়ক গৰাকীয়ে সামাজিক দুৰত্ব বজাই আৰু মাক্স পৰিধানেৰে ৫০ বিঘা ধান খেতিৰ আৰম্ভ কৰিছে ।

নিবনুৱাৰ বাবে আদৰ্শ বাক্সাৰ টংকেশ্বৰ দাস

জানিব পৰা মতে,টংকেশ্বৰ দাসে নিজ মাটিৰ উপৰিও মাটি বন্ধকত লৈ সময় অনুসৰি বিভিন্ন খেতি কৰি সমগ্র এলেকাটোতেই এজন আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে । খেতিয়ক দাসে এইবাৰ আইজুং,বাহাদুৰ,বোকা আদি ধান খেতি আৰম্ভ কৰিছে । প্ৰতিদিনে টংকেশ্বৰ দাসে ২০ৰ পৰা ২২ গৰাকী ৰোৱনী আৰু ৬ গৰাকী বনুৱাৰে খেতিৰ কাম তীব্র গতিৰে আগবঢ়াই নি আছে । উন্নত জাতৰ ধান খেতিৰ বাবে তেওঁ প্ৰতি বিঘা মাটিত ২০ মোনকৈ ধান লাভ কৰি আহিছে বুলি সদৰি কৰে। ইয়াৰোপৰি টংকেশ্বৰ দাসে খৰালি কালত ৪০ বিঘা মাটিত সৰিয়হ খেতি কৰি আহিছে।

অতি উৎসাহী আৰু মানুহক আদৰ কৰিব জনা এই গৰাকী আদৰ্শ খেতিয়কৰ খেতি পথাৰত খেতিৰ কামত নিয়োজিত হ'বলৈ পাই ৰোৱনী আৰু বনুৱা সকলেও অতিকৈ আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে । বিভিন্ন ধৰণৰ ধেমালিৰ মাজেৰে তেওঁলোকে পথাৰত কাম কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে,সমগ্র এলেকাটোতেই এজন আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হ'বলৈ সক্ষম হোৱা টংকেশ্বৰ দাসে এতিয়ালৈ লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য ।

লগতে পঢ়ক : গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অহা এখন বিস্ফোৰক চিঠি

ABOUT THE AUTHOR

...view details