বাক্সা,14 অক্টোবৰঃমনোজ টিকদাৰ নামৰ ব্যক্তিজনৰ এসময়ত সকলো আছিল । কিন্ত নিষ্ঠুৰ নিয়তীৰ কি পৰিহাস, সৰ্বস্ব কাঢ়ি নিলে মনোজৰ। নতুনকৈ বিবাহ পাশত আৱদ্ধ হৈছিল মনোজ । কিন্তু আজিৰ পৰা দুবছৰ আগত এক পথ দুৰ্ঘটনাত পতিত হৈ বিকল হৈ পৰে মনোজৰ দুয়োটা ভৰি। দুৰ্ঘটনাটোৰ ফলত খোজ কাঢ়িব নোৱাৰা হ’ল মনোজ। চিকিৎসাৰ নামত মনোজে বিক্ৰী কৰিলে সকলো সম্পত্তি। কিন্ত সুস্থ হৈ নুঠিল মনোজ।
চিকিৎসাৰ নামত সৰ্বোচ্চ হেৰুৱালে মনোজে ৷ এতিয়া ঘৰটো থকা ভেটিকণৰ বাদে একো নাই মনোজৰ হাতত। বন্ধ হৈ পঢ়িল সকলো উপাৰ্জনৰ পথ। দুৰ্ঘটনাৰ মাজতে জন্ম লাভ কৰিলে এটি পুত্ৰ সন্তানেও। সকলো হেৰুৱা দুখ,কান্দোনৰ বাদে মনোজৰ নাই এতিয়া কোনো অন্য পথ। কিন্ত হেৰুৱা নাই মনোবল। জুপুৰি ঘৰতে সৰু এটা কম্পিউটাৰৰ দ্বাৰা কৰি গৈছে বিভিন্ন কাম। কেতিয়াবা যদি দুমুঠি দুবেলা অন্নৰ যোগাৰ হৈছে, আন কেতিয়াবা অনাহাৰে কটাইছে দিন। অৰ্থৰ অভাৱত যোগাৰ কৰিব পৰা নাই ঔষধ।