বাক্সা,20 জুনঃ বাক্সা জিলাৰ উত্তৰকুছিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ ভূটানখুটী এছ এছ বি কেম্পৰ ভিতৰৰ পৰা অজগৰ ডাল উদ্ধাৰ কৰে ৷
বাক্সাৰ উত্তৰকুছিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ - এছ এছ বি কেম্প
বাক্সাৰ ভূটানখুটী এছ এছ বি কেম্পৰ ভিতৰৰ পৰা এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ এছ এছ বি জোৱান আৰু ইকো টুৰিজিম চ'ছাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ একাংশ সদস্যই উদ্ধাৰ কৰে অজগৰ ডাল ৷
বাক্সা জিলাৰ ভাৰত-সীমান্তৱৰ্তী বাটাবাৰী বনাঞ্চলৰ অন্তৰ্গত উত্তৰকুছিত আজি প্ৰায় 10 ফুট দীঘল এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় ৷ শনিাবাৰে ভূটানখুটীস্থ এছ এছ বি জোৱান আৰু মানস চৌকী ইকো টুৰিজিম চছাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ একাংশ সদস্যই কেম্পটোৰ ভিতৰৰ পৰা অজগৰ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগে লগে উদ্ধাৰকাৰী লোকসকলে অজগৰ ডাল বন বিভাগৰ লোকক হস্তান্তৰ কৰে ৷ ইতিমধ্যে বন বিভাগৰ লোকে বাটাবাৰী বনাঞ্চলৰ ঘন অৰণ্যত অজগৰ ডাল মুকলি কৰি দিয়ে ৷
লগতে পঢ়ক- উত্তৰ প্ৰদেশৰ সহানপুৰত উদ্ধাৰ ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি হাতীৰ জীৱাশ্ম