অসম

assam

By

Published : Jul 26, 2019, 4:53 PM IST

ETV Bharat / state

মুছলপুৰত পানীত পৰি সন্ধানহীন এজন

ডেকা নৈৰ বোঁৱতী পানীত পৰি সন্ধানহীন এজন ৷ লোকজন সত্তৰ বছৰীয়া কন্দৰ্প নায়ক ৷

পানীত পৰি সন্ধানহীন এজন

চাপাগুৰি,26 জুলাই : মুছলপুৰৰ ডেকা নৈৰ বোঁৱতী পানীত পৰি এজন লোক সন্ধানহীন হৈছে ৷ সন্ধানহীন লোকজন সত্তৰ বছৰীয়া কন্দৰ্প নায়ক বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,বৃহস্পতিবাৰে মাছ মাৰিবলৈ গৈ ডেকা নৈৰ পানীত পৰি সন্ধানহীন হৈছিল লোকজন ৷

পানীত পৰি সন্ধানহীন এজন

শুকুৰবাৰে পুৱাৰ পৰা বাক্সা জিলা প্ৰশাসন আৰু আৰক্ষীৰ তৎপৰতাত NDRFৰ দলে উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই ৷ ইয়াৰ পাছতে স্থানীয় ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details