অসম

assam

ETV Bharat / state

বৰমাৰ মাধপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

বৰমাৰ মাধপুৰত অঘটন ৷ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি ধনজিৎ শৰ্মা নামৰ এল.এন.টি. ফাইনেঞ্চৰ কৰ্মচাৰী ৷ মাধপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰাত গুৰুতভাৱে আহত হয় ধনজিৎ শৰ্মা ৷

মাধপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

By

Published : May 10, 2019, 9:00 PM IST

Updated : May 10, 2019, 10:12 PM IST

বৰমা, 10 মে' : বৰমাৰ মাধপুৰত অঘটন ৷ অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি ধনজিৎ শৰ্মা নামৰ এল.এন.টি. ফাইনেঞ্চৰ কৰ্মচাৰী ৷ টিহুলৈ গৈ থকা অৱস্থাতে মাধপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাইকত অহা অচিনাকী দুগৰাকীকৈ দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰাত গুৰুতভাৱে আহত হয় ধনজিৎ শৰ্মা ৷ কেৱল আক্ৰমণ কৰাই নহয় ধনজিতৰ হাতত থকা বেগটো লৈ উধাও হয় দুৰ্বৃত্ত দুজনে ৷ গুৰতৰভাৱে আহত ধনজিতক সংকটজনক অৱস্থাত বৰমা উপস্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নলবাৰীলৈ ৷ ইপিনে এতিয়াও আক্ৰমণকাৰী দুৰ্বৃত্ত দুজনক চিনাক্ত কৰিব পৰা নাই ৷

মাধপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন
Last Updated : May 10, 2019, 10:12 PM IST

ABOUT THE AUTHOR

...view details