কোকৰাঝাৰ, 26 এপ্ৰিলঃ এক দুৰ্ভগীয়া দম্পতীৰ কৰুণ গাথা ৷ গানেৰে জীৱন সংগ্ৰাম এক দম্পতীৰ৷ কঠিন জীৱন পথৰ সাৰথি কেৱল গান৷
বড়ো লোকগীত গাই জীৱন সংগ্ৰাম বৃদ্ধ দম্পতীৰ - ই টি ভি ভাৰত
মুখত বড়ো লোকগীতেৰে জীৱন সংগ্ৰাম কৰা দম্পতিৰ কৰুণ কাহিনী। কোনোবায়ে ভালপাই আগবঢ়াইছে এটকা, দুটকা, সেয়ে তেওঁলোকৰ জীৱন। এমুঠি খাই এমুঠি লঘোণ। এখন হাৰমনিয়াম আৰু এখন তাল জীৱন সংগ্ৰামৰ সংগী।
![বড়ো লোকগীত গাই জীৱন সংগ্ৰাম বৃদ্ধ দম্পতীৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3107021-688-3107021-1556211749577.jpg)
প্ৰায় 45 বছৰ ধৰি চিৰাং জিলাৰ এই বৃদ্ধ দম্পতীয়ে হাৰমনিয়াম আৰু তাল বজাই গান গাই ফুৰিবলগীয়া হৈছে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ ।
চিৰাং জিলাৰ আমটকা সোণাজুলিৰ বাসিন্দা বাৰচন মুছাহাৰী (70) আৰু ৰোজনাৱতী মুছাহাৰী (60) এটা সময়ত সুখৰ সংসাৰ এখন সপোন দেখি বিবাহ পাশত আবদ্ধ হৈছিল। বাৰচন মুছাহাৰীয়ে চকুৰে নেদেখে । উপাৰ্জনৰ পথ হিচাপে বাটে-হাটে গান গাই দুই এপইচা বুটলি আজি 45 বছৰ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে এই দম্পতীহালে ৷ কোনোবাই যদি দুই এটকা দিছে কোনোৱে হয়তো তাকো দিবলৈ কুণ্ঠাবোধ কৰিছে ৷ তথাপি কাৰোৰে প্ৰতি কোনো আক্ষেপ নকৰি চলাই গৈছে তেওঁলোকৰ জীৱন। এমুঠি খাই এমুঠি লঘোণ দিবলগীয়া হোৱাতো একো অস্বাভাৱিক নহয় তেওঁলোকৰ বাবে। হাৰমনিয়ামখন আৰু তালযোৰেই যেন এতিয়া জীৱন সংগ্ৰামৰ একমাত্ৰ ভৰষা হৈ পৰিছে এই দুৰ্ভগীয়া দম্পতীৰ।