অসম

assam

ETV Bharat / state

মুছলপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু - জাপানী এনকেফেলাইটিছ

ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ পলাচীত মৃত্যু হয় এগৰাকী নৱ-বিবাহিত মহিলাৰ ৷

জাপানীজ এনকেফেলাইটিছৰ আতংক

By

Published : Jul 8, 2019, 7:45 PM IST

চাপাগুৰি, 8 জুলাই : ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানী এনকেফেলাইটিছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ বাক্সাৰ মুছলপুৰ মহকুমাৰ পলাচীত মৃত্যু হয় এগৰাকী নৱ-বিবাহিত মহিলাৰ ৷ অম্বিকা তামাঙৰ জ্বৰ হোৱাত পৰিয়ালে জিএম চিত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে দেওবাৰে মৃত্যু ঘটে মহিলাগৰাকীৰ ৷ জি এম চি কৰ্তৃপক্ষই মহিলাগৰাকী জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈয়ে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ৷ মহিলাগৰাকীৰ মৃত্যুক লৈ অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷ ইপিনে সোমবাৰেও বাইহাটাত এগৰাকী লোকৰ মৃত্যু হয় ৷

জাপানীজ এনকেফেলাইটিছৰ আতংক

ABOUT THE AUTHOR

...view details