বাক্সা, 5 মাৰ্চঃ বাক্সাৰ ডুমুনীত যুৱকৰ এটা মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বাক্সা জিলা ৷ মৃত যুৱক জনৰ নাম অৰুণ বৰুৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, ডুমুনী চাহ বাগিছাৰ মৃত যুৱক জনে এমাহ ধৰি বৰপেটা জিলাৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত বাঘমাৰ নিকতৱৰ্তী হিমালয়া নাৰ্চাৰীৰত কাম কৰি আছিল ৷ কিন্তু ৰহস্যজনকভাবে বুধবাৰে যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ডুমুনী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে, বুধবাৰে পুৱাৰ ভাগত যুৱক জন হঠাৎ অসুস্থ হোৱা বুলি খবৰ কৰে পৰিয়ালক ৷ লগতে মৃত যুৱক জনৰ মাতৃক নাৰ্চাৰীখনৰ কোনো লোকে গাড়ীত উঠাই লৈ আহে ৷
বাক্সাত পুত্ৰক বিচাৰি কৰুণ বিননি এগৰাকী মাতৃৰ মাতৃয়ে লৰা জন ক'ত আছে বুলি সোধাত তেওঁক প্ৰথমে পাঠশালা আৰক্ষী চকীলৈ নি তেওঁৰ পৰা টিপ চহী লৈ পুনৰ তেঁওক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় ৷ মাতৃয়ে পুত্ৰক বিচাৰি কান্দি কান্দি হাবাথুৰি খায় চিকিৎসালয়ৰ চৌহদত ৷ কিন্তু অৱশেষত মাতৃয়ে এখন কলা প্লাষ্টিকেৰে ঢাকি থোৱা অৱস্থাত পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পিচত নাৰ্চাৰী খনৰ স্বত্বাধিকাৰী প্ৰাণেশ্বৰ কলিতাই দাবী ধমকিৰে মাতৃক মৃতদেহটো চমজি ল'বলৈ কৈ হাতত টকা এক হাজাৰ দি মৃতদেহটো গড়ীত পঠাই দিয়ে ৷ ইয়াকে লৈ সমগ্ৰ ডুমুনী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ আনহাতে যুৱকজনৰ মৃত্যু এয়া হত্যাকাণ্ড নে আত্মহত্যা তাৰ বাবে ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷ অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত নহ'লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিসংগঠনটোৱে সকীয়াই দিয়ে ৷
লগতে পঢ়ক-চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ পবিত্ৰতা নষ্ট কৰিছেঃ কমলাক্ষ দে পুৰকায়স্থ