বাক্সা, 22 জুলাই :বাক্সা জিলা (Baksa District)ৰ শালবাৰীৰ আঁওহাটাত চুমি নাথ নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ (Dead Body) উদ্ধাৰৰ পাচতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে আৰক্ষীয়ে একে গাঁৱৰে ফুলো নাথ অৰ্থাৎ কিশোৰীগৰাকীৰ পেহাকক আটক কৰিছে ৷ ইফালে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই হত্য়া কৰা বুলি সন্দেহ প্ৰকাশ কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক পুৰুষ-মহিলাই ৷ হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ প্ৰতিবাদত নামি পৰিছে স্থানীয় ৰাইজ ৷
19 জুলাইত আঁওহাটাৰ এটি বোৱতী নৈৰ সুঁতিত উদ্ধাৰ হৈছিল 15 বছৰীয়া চুমিৰৰ মৃতদেহ ৷ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৰাইজৰ মাজত ৷ জানিব পৰা মতে, 18 তাৰিখৰ সন্ধিয়াৰ ভাগৰ পৰা সন্ধানহীন হৈ আছিল চুমি ৷ স্থানীয় লোকে সদৰী কৰে যে, সন্ধানহীন হোৱাৰ পূৰ্বৰে পৰাই চুমিৰ ঘৰত নাছিল কোনো লোক । সেই সময়ত পিতৃহাৰা চুমিৰ মাতৃ আৰু ভনীয়েক মোমায়েকৰ ঘৰত আছিল ৷