চৰম হতাশাত বাক্সাৰ এন আৰ চিত নাম নহা লোকৰ - তামুলপুৰ মহকুমা
এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ৰাইজৰ আত্মহত্যাৰ ভাবুকি ৷
বাক্সা, 04 চেপ্তেম্বৰঃ সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাত চৰম হতাশাত ভুগিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কেইবাখনো গাঁৱৰ লোক ৷ গাঁও কেইখনৰ ৰাইজে সংবাদ মাধ্যমৰ আগত নিজৰ পৰিয়ালৰ বা পূৰ্ব পুৰুষৰ ১৯৫১ চন আৰু ১৯৬৬ চনৰ লিগেচী,এন আৰ চি,মাটিৰ দলিলকে ধৰি বিভিন্ন নথি পত্ৰ প্ৰদৰ্শন কৰি কয় যে বঙালী লোক সকলৰ প্ৰতি চৰম অন্যায় কৰিছে এন আৰ চি কৰ্তৃপক্ষই ৷ এতিয়া পৰৱৰ্তী সময়ত এন আৰ চি কৰ্তৃপক্ষ তথা উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে আত্মহত্যাৰ পথ বাছি লোৱাৰ ভাবুকি প্ৰদান কৰিছে ৷