বাক্সা, 8মে': ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিষ্পত্তিকৰণ পৰ্যায়ত একাংশ দল,সংগঠনে ধৰ্মীয় সংখ্যালঘু ৰাইজক মানসিক তথা আৰ্থিক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰ জিলা এবিএমছুৱে। লগতে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰাৰ অভিযোগ এবিএমছুৰ।
এন আৰ চি উন্নীতকৰণত ৰাইজক হাৰাশাস্তিৰ অভিযোগ এবিএমছুৰ - এবিএমছু
অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিভিন্ন দল সংগঠনে ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে বুলি এক বিবৃতি যোগে প্ৰকাশ এবিএমছুৰ ৷ এখন শুদ্ধ,আইন সন্মত এন আৰ চি প্ৰস্তুত হোৱাৰ লগতে আপত্তিকাৰীসকলৰ উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ ৷
উল্লেখ্য যে,তামুলপুৰ মহকুমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে একাংশ আছু কৰ্মীয়ে আপত্তি দাখিল কৰিছিল। কিন্তু আপত্তিৰ শুনানি কালত আপত্তিকাৰী আছু কৰ্মী উপস্থিত নথকাত ক্ষোভিত হৈ পৰে এবিএমছুৰ সদস্য সকল ৷ একমাত্ৰ নাম আৰু উপাধিৰ বাবেই সন্দেহৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰে সংগঠনটোৱে ৷ আছুৰ এনে অদূৰদৰ্শী কৰ্মকাণ্ডই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব বুলিও উল্লেখ কৰে এবিএমছুৰ সদস্যসকলে ৷ তাৰোপৰি এখন শুদ্ধ,আইন সন্মত এন আৰ চি প্ৰস্তুত হোৱাৰ লগতে আপত্তিকাৰী সকলৰ উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে এবিএমছুৱে ৷