সৰ্বানন্দৰ বিকশিত অসম আৰু হাগ্ৰামাৰ মডেল বিটিচিত নাই দলং - Hagrama Mohilary
ভাৰত-ভূটান সীমান্তৱৰ্তী বাক্সা জিলাৰ বৃহত্তৰ খৈৰানী অঞ্চলত স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰা পাচতো নাই এখন দলং ৷ জিলাখনৰ জালাহ-কুমাৰীকাটা সংযোগী পথৰ খৈৰাণীত বছৰ বছৰ ধৰি এখন দলঙৰ অভাৱত যমৰ যাতনাৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ খৈৰানীবাসী ৰাইজে ৷
![সৰ্বানন্দৰ বিকশিত অসম আৰু হাগ্ৰামাৰ মডেল বিটিচিত নাই দলং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3166457-thumbnail-3x2-0image.jpg)
সৰ্বানন্দৰ বিকশিত অসম আৰু হাগ্ৰামাৰ মডেল বিটিচি
বাক্সা, 2 মেঃস্বাধীন ভাৰতত মুকলিভাৱে অহা যোৱা কৰিবলৈ হ'লেও ৰাইজে ভৰিব লাগে টকা ৷ এখন দলঙৰ বাবেই ৰাইজে জেপৰ ধন ভৰি নদীৰ মাজেৰে অব্যাহত ৰাখিছে যাতায়ত ব্যৱস্থা ৷ পাগলাদিয়া নদী পাৰ হবলৈ দৈনিক এইদৰে প্ৰতিখন বাহনে ভৰি আহিছে দুশৰ পৰা চাৰিশ টকা ৷ বাক্সাৰ খৈৰানীৰ পাগলাদিয়া নদীৰ জালাহ-কুমাৰীকাটা সংযোগী পথত নাই এখন দলং ৷ এইদৰে এখন দলঙৰ অভাৱত যমৰ যাতনাৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ খৈৰানীবাসী ৰাইজে ৷
সৰ্বানন্দৰ বিকশিত অসম আৰু হাগ্ৰামাৰ মডেল বিটিচি