বাক্সা, ১৩ ছেপ্টেম্বৰ:বিটিআৰৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তন, বিটিএডিত বসবাস কৰা লোকসকলৰ ভূমিৰ অধিকাৰ আৰু বিভিন্ন দাবীৰ সমৰ্থনত আজি বাক্সা জিলাৰ মুছলপুৰত অবড়ো সুৰক্ষা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Abro Suraksha Samiti protest in Musalpur)। অবড়ো সুৰক্ষা সমিতিৰ সদস্য সকলে বিটিআৰ চুক্তি অনুসৰি অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তনৰ দাবী জনায় ৷
উল্লেখ্য যে বিটিআৰ চুক্তিৰ পিছত চৰকাৰে পি পি বাৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তনৰ বাবে যি দায়িত্ব দিছিল, সেয়া আজিও কাৰ্যকৰী নহ'ল বুলি অভিযোগ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ৷ যাৰ বাবে আজি অবড়ো সুৰক্ষা সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷