অসম

assam

By

Published : Mar 17, 2020, 10:21 PM IST

ETV Bharat / state

বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

মঙলবাৰে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে চাৰিখন জিলাত মনোনয়ন দাখিল কৰে ৷ 4 এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷

বিটিচিৰ পৰিষদীয় নিৰ্বাচন
হাগ্ৰামা মহিলাৰীৰ মনোনয়ন

নিউজ ডেস্ক, 17 মাৰ্চ : মঙলবাৰে বিশাল সমদলেৰে ওদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰে বিপিএফৰ 5 প্ৰাৰ্থীয়ে ৷ মন্ত্ৰী ৰিহণ দৈমাৰী আৰু বিধায়ক চৰণ বড়োৰ উপস্থিতিত বিপিএফৰ প্ৰাৰ্থীসকলে ওদালগুৰি উপায়ুক্তৰ কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ 36 নং হৰিশিঙা সমষ্টিৰ পৰা বিটিচি পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰী, 37 নং ধনশ্ৰী সমষ্টিৰ পৰা প্ৰাক্তন এনডিএফবি নেতা ফ্ৰেচ মোছাহাৰী ওৰফে ফৈলাও, 38 নং ভৈৰৱকুণ্ড সমষ্টিৰ পৰা ৰিপেন দৈমাৰী, 39 নং পাচনৈ চেৰফাং সমষ্টিৰ পৰা কাৰ্যবাহী সদস্য শ্যাম চুণ্ডি আৰু 40 নং ৰৌতা সমষ্টিৰ পৰা খগেন মোছাহাৰীয়ে মনোনয়ন দাখিল কৰে ৷

বিটিচিৰ পৰিষদীয় নিৰ্বাচন

আনহাতে, গণ সুৰক্ষা পাৰ্টীৰ ৰৌতা সমষ্টিৰ পৰা বিজু কুমাৰ ৰাভাসহ বহু কেইজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷

বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দ্বিতীয় দিনা বিপিএফৰ তিনিজন প্ৰাৰ্থীয়ে বাক্সাৰ তামুলপুৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ গোৰেশ্বৰত সমষ্টিৰ বৰ্তমানৰ বিটিচিৰ কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, বিপিএফৰ সমৰ্থিত প্ৰাৰ্থী তথা তামুলপুৰৰ প্ৰাক্তন বিধায়ক চন্দ্ৰ বসুমতাৰী আৰু শুক্লাইচেৰফাং সমষ্টিৰ বৰ্তমানৰ বিটিচিৰ এম চি এল এ গনেশ কচাৰীয়ে মনোনয়ন দাখিল কৰে ৷

বিটিচিৰ পৰিষদীয় নিৰ্বাচন

ইয়াৰোপৰি, গণ সুৰক্ষা মঞ্চৰ পৰা শুক্লাইচেৰফাং সমষ্টিৰ মহেশ ডেকাই আৰু ২৬ নং নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে মনোনয়ন দাখিল কৰে ৷

বিটিচি পৰিষদীয় নিৰ্বাচনৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বিপিএফৰ প্ৰাৰ্থী ফলেন্দ্ৰ বসুমতাৰীয়ে ৷ বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ফলেন্দ্ৰ বসুমতাৰী, গণ সুৰক্ষা মঞ্চৰ তৃষ্ণা মেধি, খনিন ডেকা, ইউ পি পি এলৰ কাতিৰাম বড়োয়ে পৃথকে পৃথকে দাখিল কৰে মনোনয়ন পত্ৰ ৷

বিটিচিৰ পৰিষদীয় নিৰ্বাচন

আনহাতে, গোসাঁইগাঁৱত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীসহ 11 জনে মনোনয়ন দাখিল কৰে ৷

আৰু পঢ়ক : আত্মহত্যাৰ পূৰ্বে ফেচবুকত ভিডিঅ' আপলোড : ছুইচাইড নোটত প্ৰেমিকাৰ পিতৃৰ নাম !

ABOUT THE AUTHOR

...view details