বৰপেটাৰোড,10 অক্টোৱৰ: শিমলাগুৰী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বৰপেটাৰোডৰ সমীপৰ জাখলিপাৰত ৫ নৱেম্বৰত এজনী ৮ বছৰীয়া কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ কোনে কি কাৰণত ৮ বছৰীয়া কন্যা শিশুটিক হত্যা কৰি পেলাই থৈ গ'ল এই বিষয়ে তদন্ত চলাই থকাৰ সময়তে মৃতদেহটো জাখলিৰপাৰৰ খগেন সৰকাৰৰ কন্যা নিকিতা সৰকাৰ বুলি চিনাক্ত হৈছিল ৷
নিকিতা সৰকাৰৰ হত্যাকাৰীক আটক বাক্সা আৰক্ষীৰ - নাৰেংগী
বৰপেটাৰোডৰ সমীপৰ জাখলিপাৰত ৫ নৱেম্বৰত এজনী ৮ বছৰীয়া কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ কোনে কি কাৰণত ৮ বছৰীয়া কন্যা শিশুটিক হত্যা কৰি পেলাই থৈ গৈছিল তাৰ তদন্ত চলাই থকাৰ সময়তে,সোমবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীৰ পৰা হত্যাকাৰী ৰূপৰত বৰ্মন ওৰফে বিতুক আটক কৰিবলৈ সক্ষম হয় বাক্সা আৰক্ষীয়ে ৷
নিকিতা সৰকাৰৰ হত্যাকাৰীক আটক বাক্সা আৰক্ষীৰ
ইয়াৰ পিছতে শালবাৰী মহকুমা আৰক্ষী বিষয়া আৰু শিমলাগুৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সোমবাৰে সন্ধিয়া গুৱাহাটীৰ নাৰেংগীৰ পৰা ৰূপৰত বৰ্মন ওৰফে বিতুক আটক কৰিবলৈ সক্ষম হয় ৷ কণমানি নিকিতাক নিৰ্মম ভাৱে হত্যা কৰি পলাই গৈছিল ৰূপৰত বৰ্মনে ৷ সম্প্ৰতি হত্যাকাৰীক আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷ মঙলবাৰে ৰূপৰত বৰ্মন ওৰফে বিতুক আদালতত হাজিৰ কৰোৱা হ'ব ৷
লগতে পঢ়ক:মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা