অসম

assam

ETV Bharat / state

মুছলপুৰৰ পৰিস্থিতি পৰিদৰ্শন বিটিচিৰ নৱনিযুক্ত প্ৰশাসকৰ

বাক্সাৰ মুছলপুৰত শনিবাৰে উপস্থিত হয় বিটিচিৰ নৱনিযুক্ত প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদ ৷ জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৈঠকত মিলিত হয় বিষয়া গৰাকী ৷ বিটিচিত সংঘটিত দুৰ্নীতিৰ তদন্তৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰসাদৰ ৷

By

Published : May 9, 2020, 7:14 PM IST

newly appointed administrative officer visit musalpur baksa assam etv bharat news
প্ৰশাসকৰ মুছলপুৰ ভ্ৰমণ

বৰমা,9 মে’ঃবিটিচিৰ শাসনাধিষ্ঠ বিপিএফ দলৰ কাৰ্যকাল উকলাৰ অন্তত ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ৰাজ্যপালৰ শাসন ৷ সম্প্ৰতি বিটিচিৰ প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি লাভ কৰে আইএএচ বিষয়া ৰাজেশ প্ৰসাদে ৷ শনিবাৰে নৱনিযুক্ত প্ৰশাসনিক বিষয়া গৰাকী উপস্থিত হয় বাক্সা জিলাত ৷ জিলাখনৰ সদৰ মুছলপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াগৰাকীয়ে বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বিভিন্ন বিভাগৰ কাম-কাজৰ খতিয়ান লোৱাৰ পিছত প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদে ইতিপূৰ্বে বিটিচিত সংঘটিত বিভিন্ন দুৰ্নীতিৰ তদন্ত অচিৰে আৰম্ভ হোৱাৰ উল্লেখ কৰে ৷ তদুপৰি কৃষি বিভাগত সংঘটিত দুৰ্নীতিৰ বিশেষ তদন্ত হোৱাৰ আশ্বাস প্ৰদান কৰে ৷ বিটিচিৰ নিৰ্বাচনী আচৰণবিধি ভংগ নকৰাকৈ প্ৰতিটো বিভাগতে বাকী ৰোৱা উন্নয়নমূলক কামসমূহ সম্পূৰ্ণ কৰাৰ কথা প্ৰকাশ কৰে প্ৰসাদে ৷

প্ৰশাসকৰ মুছলপুৰ ভ্ৰমণ

আনহাতে, কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ লগত আলোচনা কৰাৰ লগতে সকলোকে সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰি Covid 19 ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজক আহ্বান জনায় বিষয়াগৰাকীয়ে ৷

লগতে চাওকঃCovid 19 ৰ বিৰুদ্ধে সষ্টম গোৱালপাৰাৰ স্বাস্থ্য বিভাগ

For All Latest Updates

ABOUT THE AUTHOR

...view details