বাক্সা, 23 জুন : বাক্সাৰ শালবাৰীৰ বোৱাৰী অপহৰণ কাণ্ডৰ নতুন মোৰ ৷ কোনেও অপহৰণ কৰা নাছিল বোৱাৰী ৰিংকু দাসক ৷ পূৰ্বৰ প্ৰেমিকৰ সৈতে পলাই গৈছিল ন বিবাহিতা ৰিংকু ৷ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে কালি গোৱৰ্ধনা আৰক্ষী থানাত হাজিৰ হৈ ৰিংকুৱে ঘটনাৰ সৱিশেষ জানিব দিয়ে ৷ অপহৰণ কৰা বুলি থানাত ভুৱা গোচৰ দিছিল পৰিয়ালে ৷ আজি এই কথা নিজে জানিবলৈ দিয়ে ৰিংকু দাসে ৷ উল্লেখ্য যে, বিগত 25 মে'ৰ নিশা বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জেংৰেংপাৰা গাঁৱৰ চিআৰপিএফ বাহিনীত কৰ্মৰত যুৱক সুজিত নাথৰ পত্নী ৰিংকু দাসক চাৰিজন যুৱকে অপহৰণ কৰা বুলি গোৱৰ্ধনা থানাত গোচৰ তৰিছিল ৰিংকুৰ স্বামীৰ পৰিয়ালে ৷
অপহৰণ নহয় প্ৰাক্তন প্ৰেমিকৰ ওচৰলৈ পলাইহে গৈছিল ৰিংকু - বাক্সা
এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা 25 মে’ৰ নিশা প্ৰায় 12 বজাত ঘৰৰ খিৰিকী ভাঙি শালবাৰী থানাৰ অন্তৰ্গত আওঁহাটা গাঁৱৰ মানৱ বৰ্মন, নৱদ্বীপ নাথ, ধৰণী মেধি আৰু হৰে নাথ নামৰ যুৱক চাৰিজনে বলপূৰ্বকভাবে উঠাই নিছিল বোৱাৰী ৰিংকু দাসক ৷
এজাহাৰত উল্লেখ কৰা অনুসৰি যোৱা 25 মে’ৰ নিশা প্ৰায় 12 বজাত ঘৰৰ খিৰিকী ভাঙি শালবাৰী থানাৰ অন্তৰ্গত আওঁহাটা গাঁৱৰ মানৱ বৰ্মন, নৱদ্বীপ নাথ, ধৰণী মেধি আৰু হৰে নাথ নামৰ যুৱক চাৰিজনে বলপূৰ্বকভাবে উঠাই নিছিল বোৱাৰী ৰিংকু দাসক ৷ এই সন্দৰ্ভত বিগত 20 জুনত সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল এটা বাতৰি ৷ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিচতে শনিবাৰে গোৱৰ্ধনা থানাত উপস্থিত হয় অপহৃত ৰিংকু দাস ৷ তেওঁ জানিব দিয়া মতে তেওঁক কোনেও অপহৰণ কৰা নাছিল ৷ স্ব-ইচ্ছাই প্ৰেমিক মানৱ দাসৰ সৈতে পলাইহে গৈছিল সুজিত নাথৰ ঘৰৰ পৰা ৷ পিতৃ পৰিয়ালে জোৰকৈ সুজিতৰ সৈতে বিয়া বহিবলৈ বাধ্য কৰাইছিল ৰিংকুক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শনিবাৰে বাক্সা জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালততো নিজৰ ভাষ্য প্ৰদান কৰে ৰিংকুৱে ৷