বাক্সা,27 মে’:শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতিত সাঙুৰি লোৱা হৈছে ৰাজ্যৰ গ্ৰামীণ অঞ্চলসমূহক ৷ বুধবাৰৰ পৰা গ্ৰামীণ অঞ্চলসমূহতো দিনৰ ২ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন অথবা আংশিক লক ডাউন ৷ ৰাজ্যৰ আন আন প্ৰান্তসমূহৰ লগতে বাক্সাতো বুধবাৰে আংশিক লক ডাউনৰ প্ৰভাৱ পৰা দেখা গ’ল ৷
বাক্সাৰ ৰাইজে অৱলম্বন কৰিলে নতুন ক’ভিড নীতি
ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নীতিত সাঙুৰি লোৱা হ’ল ৰাজ্যৰ গ্ৰামীণ অঞ্চলসমূহক ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে বাক্সাতো বুধবাৰৰ দিনটোত আংশিক লক ডাউনৰ প্ৰভাৱ পৰিলক্ষিত হ’ল ৷
বাক্সাৰ ৰাইজে অৱলম্বন কৰিলে নতুন ক’ভিড নীতি
উল্লেখ্য যে, জিলাখনৰ সদৰ মুছলপুৰত দিনৰ দুই বজাত দোকান-বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিলে ব্যৱসায়ীসকলে ৷ জিলাখনৰ ৰাইজে যাতে চৰকাৰৰ ক’ভিড নীতি সম্পূৰ্ণৰূপে অৱলম্বন কৰি চলে, তাৰ বাবে এতিয়া জিলাৰ আৰক্ষী-প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে ৷ সমগ্ৰ ৰাজ্যখনৰ লগতে বাক্সা জিলাতো অব্যাহত আছে কৰ’ণা মহামাৰীৰ তাণ্ডৱ ৷
লগতে পঢ়ক :ক’ভিড-19ত আক্ৰান্ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা