তামুলপুৰ,12 আগষ্টঃতামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত মঙলবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এসময়ৰ এবিএমচুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডত জড়িত দোষীক চিনাক্ত কৰা,অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়া, বিধায়ক শিলাদিত্যই সাহিত্যিক চৈয়দ আব্দুল মালিকক বুদ্ধিজীৱি জেহাদী বুলি কোৱাৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
তামুলপুৰত সংখ্যা লঘু ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী - মানব শৃংখল কাৰ্য্যসূচী
মঙলবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থাই তামুলপুৰৰ গোৰেশ্বৰত মানৱ শৃংখল কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লাফিকুল ইছলামৰ হত্যাকাণ্ডত জড়িত অপৰাধীক চিনাক্ত কৰা,অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সাব্যস্ত কৰে প্ৰতিবাদ ৷
তামুলপুৰত সংখ্যা লঘু ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী
সংগঠনটোৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বাক্সা জিলাৰ সভাপতি হাফিজুল ইছলামে উপস্থিত থাকি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱাৰাৰ বাবে প্ৰশাসনক তীব্ৰ সমালোচনা কৰে । লগতে অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাই । লগতে বিধায়ক শিলাদিত্যক এজন মানসিক বিকাৰগ্ৰস্ত বিধায়ক বুলি মত প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত