বাক্সা, 28 আগষ্ট :ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বাক্সা জিলাৰ এগৰাকী লোক জটিল ৰোগত আক্ৰান্ত হৈ উপযুক্ত অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ জটিল ৰোগত আক্ৰান্ত হোৱা লোকজন বাক্সা জিলাৰ গোৰেশ্বৰৰ 3 নং ডোঙাৰ গাঁৱৰ দৰিদ্ৰ কৃষক তাৰা প্ৰধানৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰ প্ৰধান বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, জিলাখনৰ গোৰেশ্বৰৰ 3 নং ডোঙাৰ গাঁৱৰ 6 বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ ইন্দ্ৰই বহু বছৰ ধৰি কোনোমতে পত্নী, পুত্ৰসহ ভাতৃ, ভগ্নী আৰু বৃদ্ধ পিতৃক ভৰণ-পোষণ দি আহিছিল । কিন্তু নিষ্ঠুৰ নিয়তিৰ চৰম পৰিহাস ৷ প্ৰায় দুবছৰ পূৰ্বে বহিঃৰাজ্যত কৰ্মৰত অৱস্থাতে ইন্দ্ৰ আক্ৰান্ত হৈছিল অৰ্শৰোগ সদৃশ এক জটিল ৰোগত ।
পৰৱৰ্তী সময়ত শ্বিলঙৰ বহুকেইখন চিকিৎসালয়ত চিকিৎসা কৰিও কোনো সুফল নোপোৱাত পৰিয়ালৰ লোকে ইন্দ্ৰক ঘৰলৈ ওভতাই লৈ আনে । পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসক সকলে কেতিয়াবা অৰ্শৰোগ আকৌ কেতিয়াবা কৰ্কট ৰোগ হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে । এনে অনিশ্চয়তাৰ মাজতে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবদ প্ৰায় 6 লাখ টকা সাঁচতীয়া ধন শেষ কৰিলে যদিও ইন্দ্ৰ সুস্থ্য হৈ উঠা নাই বুলি জানিব পৰা গৈছে ।