বাক্সা,3 মে’ঃএটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পঠালিকুছিৰ মহেশ কলিতাৰ পৰিয়ালৰ মাজলৈ নামি আহে ঘোৰ অমানিশা । এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত মহেশ কলিতা বিগত ২৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া টিউচন কৰি ঘৰলৈ উভতি অহা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় ৷ ৰঙিয়া-ভূটান সংযোগী ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কলিতাক পৰিয়ালৰ লোকে গুৱাহাটীৰ স্বাগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বিগত দুমাহ ধৰি চিকিৎসালয়ৰ আই চি ইউ-ত জীৱন-মৃত্য়ুৰে যুঁজি আছে ব্য়ক্তি গৰাকীয়ে ৷
আনহাতে,বিগত তিনি বছৰে ব্যক্তিগৰাকীৰ 12 বছৰীয়া পুত্ৰ মৃণ্ময় কলিতা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন পুত্ৰৰ বাওঁফালৰ বৃক্কটো অচল হৈ পৰাত চিকিৎসকে শীঘ্ৰে অস্ত্ৰোপচাৰৰ পৰামৰ্শ আগবঢ়াইছিল ৷ কিন্তু আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাত মহেশ কলিতাই সন্তানৰ চিকিৎসাৰ বাবে ধন বিচাৰি হাবাথুৰি খোৱাৰ লগতে স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী কৰি পুত্ৰৰ চিকিৎসাৰ বাবে ধন গোটায় । পুত্ৰৰ চিকিৎসাৰ পূৰ্বে ব্যক্তিগৰাকী দুৰ্ঘটনাত পতিত হোৱাত সঞ্চিত ধন চিকিৎসাৰ নামত ব্যয় হয় ৷