অসম

assam

ETV Bharat / state

"বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা পথত"- ধীৰেন বড়ো - NDFB PROBLEM IN PROGRESS

বাক্সাৰ তামুলপুৰৰ বানগুৰীত পিজেএচিবিএম সভাত নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো । যি চৰকাৰে এনডিএফবিৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব তেনে চৰকাৰৰ লগত তেওঁলোকে কাম কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰে ধীৰেন বড়োৱে ৷

নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা ধীৰেন বড়ো

By

Published : Oct 25, 2019, 8:24 AM IST

Updated : Oct 25, 2019, 8:49 AM IST

বাক্সা,25অক্টোবৰঃ "সুদীৰ্ঘ ৩৩ বছৰে সমাধান নহ'ল বড়োসকলৰ সমস্যা ৷ কেৱল আলোচনাৰ নামত আলোচনা চলিল কিন্তু সমস্যা সমাধান নহ'ল । সেয়ে বড়োসকলৰ দীঘদিনীয়া সমস্যাৰ সাংবিধানিক সুৰক্ষা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে পুনৰ আলোচনা কৰা হ'ব"- বৃহস্পতিবাৰে বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বানগুৰীৰ হৰিনাৰয়ণ এম ই স্কুল প্ৰাংগণত পিজেএচিবিএমৰ (PJACBM) উদ্যোগত এক ৰাজুহুৱা সভাত এই মন্তব্য নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়োৰ ৷

"বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱা পথত"- ধীৰেন বড়ো

লগতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই আলোচনা ডিচেম্বৰ মাহত শেষ পৰ্যায়ত উপনীত হ'ব বুলি জনায় ধীৰেন বড়োৱে । ইপিনে বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে ধীৰেন বড়োক এন ডি এফ বি প্ৰগতিশীল আৰু পিজেএচিবিএম নামৰ দুটা সংগঠনেও সহযোগ কৰিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে । আনহাতে যি চৰকাৰে এনডিএফবিৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব তেনে চৰকাৰৰ লগত তেওঁলোকে কাম কৰিবলৈ প্ৰস্তুত বুলিও মন্তব্য কৰে ধীৰেন বড়োৱে ৷

উল্লেখ্য যে, এই সভাত প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, কেন্দ্ৰীয় যুৱ বিপিএফৰ সভাপতি সোমনাথ বসুমতাৰী, কেন্দ্ৰীয় যুৱ ইউ পি পি এলৰ সম্পাদক মনোজ বৰগয়াৰী লগতে নৱ গঠিত এন ডি এফ বি প্ৰগতিশীলৰ নেতা কৰ্মীৰ আৰু তিনি সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

Last Updated : Oct 25, 2019, 8:49 AM IST

ABOUT THE AUTHOR

...view details