বৰমা, 21 ফেব্ৰুৱাৰীঃশুকুৰবাৰে বাক্সা জিলাৰ বৰমাত এনডিএফবিৰ চাৰিওটা গোটে এক সংবাদমেল আয়োজন কৰে ৷ উক্ত সংবাদমেলত চৰকাৰ আৰু বি টি চি শাসকপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে এনডিএফবিৰ চাৰিওটা গোটে ৷ শান্তি চুক্তি স্বাক্ষৰকাৰী অন্যতম এমডিএফবি নেতা ৰঞ্জন দৈমাৰীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷ আনহাতে, এনডিএফবিৰ আত্মসমৰ্পণকাৰী নেতা বি চাওৰাইগৌৰা,বি সৌমখৌৰ ওৰফে গোবিন্দ বসুমতাৰী,এম ফৈলাও আৰু এন দানসৌৰাং উপস্থিত থকা উক্ত সংবাদমেলত ৰঞ্জন দৈমাৰীক অহা ২৫ ফেব্ৰুৱাৰীত মুক্তি নিদিলে পুনৰ গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে ৷ লগতে অহা ২৪ ফেব্ৰুৱাৰীত ওদালগুৰিত হ’বলগীয়া বি টি আৰ শান্তি চুক্তিৰ বিজয় উৎসৱ প্ৰত্যাহাৰৰো হুংকাৰ দিয়ে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে কোকৰাঝাৰ চহৰত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ বাহনত হোৱা আক্ৰমনৰ ঘটনাক নাটক আখ্যা দিয়ে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গৰাকীয়ে ৷ আনহাতে, উক্ত সংবাদমলত আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনত এনডিএফবিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰো ইংগিত দিয়ে গোবিন্দ বসুমতাৰীয়ে ৷