অসম

assam

ETV Bharat / state

বাক্সাত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত এন ডি এফ বি(এছ) সদস্য - এন ডি এফ বি সংবিজিত গোট

বাক্সাৰ গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ শুৱাগপুৰত দাবী কৰা ধন নিবলৈ আহি আটক এন ডি এফ (এছ) সদস্য ৷

বাক্সাত আৰক্ষীৰ জালত এন ডি এফ বি(এছ) সদস্য

By

Published : Oct 18, 2019, 4:30 AM IST

বাক্সা,17 অক্টোবৰঃ বাক্সাৰ গোৰেশ্বৰ আৰক্ষীৰ জালত পৰিল এটাৰ পিছত এটাকৈ ধনদাবী কৰি সন্ত্ৰাস সৃষ্টি কৰা দুই এন ডি এফ বিৰ কেডাৰ । ঔবাৰীৰ বেলিফাং মুছাহাৰীৰ অভিযোগৰ ভিত্তিত সেনা আৰু আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় উগ্ৰপন্থী কেইজনক । বৃহস্পতিবাৰে বিশেষ সূত্ৰৰ পম খেদি এক অভিযান চলাই বাইহাটা চাৰিআলিৰ পৰা আটক কৰিবলৈ সক্ষম হয় দাবীকৃত ধন নিবলৈ অহা দুই কেডাৰক । আটকাধীন কেদাৰদ্বয় ক্ৰমে তামুলপুৰ ঘোকমাৰীৰ ধনেশ্বৰ বড়ো ওৰফে এছ ডি বি আৰু শোণিতপুৰ থানাৰ হাংক্ৰীপুৰৰ ৰাজু স্বৰ্গীৱাৰী ওৰফে বগা । উল্লেখ্য যে উক্ত দুই এন ডি এফ বি সদস্যই আত্মসমৰ্পনকাৰী গোবিন্দ গোটৰ সদস্য আছিল । গোৰেশ্বৰ থানাৰ গোচৰ নং ১২৪/১৯ আৰু ৩৮৭ ধাৰাৰ অধীনত আটক কৰে আৰক্ষীয়ে | এন ডি এফ বি সংবিজিত গোটৰ নামত ৮ অক্টোবৰত ধনদাবী কৰিছিল এই দুই কেডাৰে । ইফালে আজি দিনত গোৰেশ্বৰত সেনা-আৰক্ষীয়ে পুনৰ অভিযান চলাই আন দুজন কেদাৰক আটক কৰে ৷ আটকাধীন কেডাৰ দুজন হৈছে ক্ৰমে ঔবাৰীৰ বিজয় বড়ো ওৰফে হীৰু আৰু থান্দৈ বড়ো ৷

বাক্সাত আৰক্ষীৰ জালত এন ডি এফ বি(এছ) সদস্য

ABOUT THE AUTHOR

...view details