বৰমা, 30 মে’: অসম ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক অৰুপ কুমাৰ মিশ্ৰাই জানিবলৈ দিয়া অনুসৰি সমাৰোহত ছাত্ৰ- ছাত্ৰীসকলে বৈজ্ঞানিক দৃষ্টিৰে কাম কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে তাৰ ওপৰতো আলোচনা কৰা হয় ৷ তদুপৰি এই বছৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত বড়ো, অসমীয়া, বঙালী, হিন্দীৰ লগতে কাৰ্বি ভাষাতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰাৰ ব্যৱস্থা কৰা হৈছে ৷
বৰমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিক্ষক প্ৰশিক্ষণ - Etv Bharat
বাক্সা জিলৰ বৰমা মহাবিদ্যালয়ত 28 আৰু 29 মে’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ৷ সমাৰোহত 10 পৰা 17 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক বৈজ্ঞানিক দৃষ্টিভংগীৰে চিন্তাশীল কৰি তোলাৰ লগতে কেনে ধৰণৰ দৃষ্টিভংগীৰে ছাত্ৰ- ছাত্ৰীক উৎসাহ যোগাব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় ৷
বৰমা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত শিক্ষক প্ৰশিক্ষণ
সমাৰোহখন উদ্ধোধন কৰে বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ টিকেন চন্দ্ৰ দাসে ৷ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহখনত নামনি অসমৰ 11 খন জিলাৰ পৰা পাঁচজনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্য্যসূচী যোৱা ২৮ আৰু ২৯ মে’ ত দুদিনীয়াকৈ্ বৰমা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠানটো হৈ যায় ৷