অসম

assam

By

Published : Nov 16, 2020, 10:37 PM IST

ETV Bharat / state

তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

সোমবাৰে বাক্সাৰ তামুলপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন মহকুমা প্ৰশাসনৰ ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তামুলপুৰ প্ৰেছ ক্লাবৰ সাংবাদিকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মহকুমা প্ৰশাসনে ৷

national press day celebrated in tamulpur
তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

বাক্সা,16 নৱেম্বৰ : বাক্সাৰ তামুলপুৰ মহকুমা প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন ৷ তামুলপুৰ মহকুমা প্ৰশাসনৰ সভাগৃহত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ মহকুমাৰ মহকুমাধিপতি বেদাংগ তালুকদাৰ, তামুলপুৰ ৰাজহ চক্ৰ বিষয়া ৰূপকমল ৰাভা, তামুলপুৰ প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক তীৰ্থ ৰঞ্জন মহন্ত, সাংবাদিক আৰিফ আহমেদ তথা তামুলপুৰ মহকুমা প্ৰশাসনৰ বিভিন্ন পদত কৰ্মৰত কৰ্মচাৰী বৃন্দ আৰু স্থানীয় বিশিষ্ট সমাজ কৰ্মীসকল ।

তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

বিভিন্ন ক্ষেত্ৰত জড়িত প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানত ভাষণ ৰাখি তামুলপুৰ মহকুমাৰ মহকুমাধিপতি বেদাংগ তালুকদাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে তামুলপুৰ প্ৰেছ ক্লাবৰ সাংবাদিকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । নিষ্ঠা আৰু সাহসেৰে সংবাদ সেৱাৰ যোগেদি সমাজিক ক্ষেত্ৰখন বলিষ্ঠ দিশত আগবঢ়াই নিয়া সাংবাদিকসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

আনহাতে তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভাই সাংবাদিকৰ ক্লান্তিহীন জীৱন সন্দৰ্ভত আলোকপাত কৰে । তামুলপুৰ প্ৰেছ ক্লাবৰ জ্যোষ্ঠ সাংবাদিক তীৰ্থ ৰঞ্জন মহন্তই ক’ভিড যোদ্ধাসকলক কৃতজ্ঞতা জনায় । ক’ভিডৰ ভয়াৱহ সময়ছোৱাত,সাংবাদিকসকলে কেনেদৰে সাহসেৰে ক’ভিডৰ সৈতে মুখামুখি হৈছিল তাৰে এক বাস্তৱ ছবি আলোকপাত কৰে চক্ৰ বিষয়া গৰাকীয়ে । ইয়াৰোপৰি সভাত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত বিশ্লেষাত্মক মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক :স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details