অসম

assam

ETV Bharat / state

বাক্সাৰ আদৰ্শ বিদ্যা নিকেতনত জাতীয় পতাকা চৰম অৱমাননা - পতাকা খন উৰি

জাতীয় পতাকাক অৱমাননাৰ ঘটনা পোহৰলৈ আহিছে বাক্সাত ৷ বাক্সা গুৱাবাৰীৰ মহেন্দ্ৰ নগৰ আদৰ্শ বিদ্যা নিকেতনত সংঘটিত হয় এই ঘটনা ৷ বিদ্যালয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷

National Flag naglate at baksha
বাক্সাৰ আদৰ্শ বিদ্যা নিকেটনত জাতীয় পতাকা চৰম অৱমাননা

By

Published : Sep 3, 2020, 9:43 PM IST

বাক্সা,3 ছেপ্তেম্বৰঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেশৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা খনক অৰ্ধনমিত কৰা হৈছিল যদিও বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ গুৱাবাৰীৰ মহেন্দ্ৰ নগৰ আদৰ্শ বিদ্যা নিকেতনত ৰাষ্ট্ৰীয় পতাকা চৰম অপমান কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

বাক্সাৰ আদৰ্শ বিদ্যা নিকেটনত জাতীয় পতাকা চৰম অৱমাননা

উল্লেখযোগ্য যে, ৰাতিপুৱা বিদ্যালয় খনত এগৰাকী শিক্ষক উপস্থিত আছিল যদিও দিনৰ ১২ বজালৈ পতাকা খন উৰি থাকিল । এই সংক্ৰান্তত বিদ্যালয় খনৰ শিক্ষক গৰাকী উপস্থিত আছিল যদিও পতাকা খন উৰি কথা গম নোপোৱা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত । আনহাতে শিক্ষক গৰাকীয়ে পতাকা খন উৰি থকা সংক্ৰান্তত কোনোবা দুষ্ট চক্ৰ জৰিত থকাৰ কথা অভিযোগ উত্থাপন কৰে । ইপিনে ৰাষ্ট্ৰীয় পতাকা খন এনেদৰে অপমান কৰা কাৰ্যক স্থানীয় লোক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ।

লগতে পঢ়কঃ মই ব্ৰেণ্ড এম্বেচাডৰ নহও, ইয়াক লৈ ৰাইজে মোক সন্দেহ কৰিব নালাগে: জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details