বাক্সা, ৮ জানুৱাৰী :ভাৰত চৰকাৰৰ অধীনত প্ৰতিবছৰে দহৰ পৰা সোতৰ বছৰৰ শিশু সকলৰ মাজত অনুষ্ঠিত হৈ অহা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাক্সা জিলাৰ সমাৰোহখন শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ চাইন্স কমিনিউকেটৰচ ফৰাম,বৰমাৰ উদ্যোগত বৰমা ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা সমাৰোহৰ পতাকা আৰু চাইন্স ফৰামৰ পতাকা উত্তোলন কৰে ক্ৰমে বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা আৰু বিপুল জ্যোতি ৰাভাই ৷
ইয়াৰ পিচতে বিভিন্ন স্থানৰ পৰা অহা শিশু বিজ্ঞানী সকলক শপত বাক্য পাঠ কৰোৱা হয় ৷ লগতে শিশু বিজ্ঞানীসকলে নিজৰ নিজৰ বৈজ্ঞানিক প্ৰকল্পসমুহ সমাৰোহত উপস্থান কৰে ৷
এদিনীয়া কাৰ্যসূচীৰে বাক্সাত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উল্লেখ্য যে,সমাৰোহত 'বহনক্ষম জীৱনৰ আধাৰ' শীৰ্ষক বিষয়ৰ ওপৰত শিশু বিজ্ঞানীসকলে গোৱৰ গেছৰ পৰা উৎপন্ন হোৱা জৈৱ প্ৰকল্প,বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱহাৰ,বীজ সংৰক্ষণৰ পৰম্পৰাগত পদ্ধতি আৰু ইহঁতৰ উন্নত কাৰক,ঘৰ্ষনৰ পৰা বিদ্যুত উৎপাদন আদি বিষয়ৰ ওপৰত ৩০ টা প্ৰকল্প উপস্থাপন কৰে ৷
ইফালে,শিশু বিজ্ঞান সমাৰোহৰ কাৰ্যসুচীত প্ৰাক্তন ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী ধীৰাজ তালুকদাৰ,বিশিষ্ট গৱেষক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷
লগতে পঢ়ক : 11 জানুৱাৰীত অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা