উত্তৰ ইউৰোপৰ অন্তৰ্গত এখন দেশ ন'ৰৱে , যাক অসমৰ দৰেই সূৰ্য উঠা দেশ বুলি জনা যায় ৷ এই দেশখনৰ অন্তৰ্ভক্ত এখন সৰু গাঁও হৈছে ৰজুকান ৷ কিন্তু কিয় বিশেষ এই গাঁওখন ? দৰাচলতে সূৰ্য উঠা দেশখনৰ এই গাঁওখনত আজিলৈ পৰা নাই সূৰ্যৰ ৰশ্মি ৷
কেতিয়াও সূৰ্যৰ পোহৰ নপৰা এখন গাঁও - Norway
পাহাৰেৰে আবৃত হোৱাৰ ফলত সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত ৰজুকান৷ এই অঞ্চলটো দক্ষিণ ন'ৰৱেৰ টেলিমাৰ্ক অঞ্চলৰ অন্তৰ্গত এখন পূব-পশ্চিম উপত্যকাত অৱস্থিত ৷ ৰজুকানক নেস্ক হাইড্ৰ'ৰ কৰ্মচাৰীসকলৰ বাবে এটা হাইড্ৰ' পাৱাৰ হাউছ হিচাপে স্থাপন কৰা হৈছিল ৷
![কেতিয়াও সূৰ্যৰ পোহৰ নপৰা এখন গাঁও NAJANA KOTHABUR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8520053-thumbnail-3x2-p.jpg)
পাহাৰেৰে আবৃত হোৱাৰ ফলত সূৰ্যৰ পোহৰৰ পৰা বঞ্চিত ৰজুকান ৷ এই অঞ্চলটো দক্ষিণ ন'ৰৱেৰ টেলিমাৰ্ক অঞ্চলৰ অন্তৰ্গত পূব-পশ্চিম উপত্যকাত অৱস্থিত ৷ ৰজুকানক নেস্ক হাইড্ৰ'ৰ কৰ্মচাৰীসকলৰ বাবে এটা হাইড্ৰ' পাৱাৰ হাউছ হিচাপে স্থাপন কৰা হৈছিল ৷ কিন্তু কাৰখানাৰ পৰিচালক চেম আইড'ই তেওঁৰ কৰ্মচাৰীসকলে সূৰ্যৰ পোহৰ নাপাব বুলি চিন্তিত হৈ পৰে ৷
সেয়ে, 1913 চনত চহৰখনক পোহৰাই তোলাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৰ সংস্থাপক চেম আইড'ই এক প্ৰচেষ্টা হাতত লয় ৷ তেওঁৰ প্ৰচেষ্টাত সহযোগ কৰে স্থানীয় বাসিন্দা তথা শিল্পী মাৰ্টিন এণ্ডৰচনে ৷ স্থানীয় শিল্পীগৰাকীয়ে পাহাৰৰ ওপৰত কেইখনমান আইনাৰ ব্যৱস্থা কৰে ৷ আইনাত সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ ৰজুকানত পৰে ৷ লগে লগে সূৰ্যৰ পোহৰে ৰজুকানক পোহৰাই তোলে ৷ প্ৰায় 100 বছৰৰ অন্তত ৰজুকানবাসীয়ে সূৰ্যৰ ৰশ্মিৰ আনন্দ লয় ৷