অসম

assam

By

Published : Dec 3, 2019, 6:58 PM IST

Updated : Dec 3, 2019, 9:53 PM IST

ETV Bharat / state

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত শুভাৰম্ভ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

বাক্সা জিলাৰ নাগ্ৰিজুলিত ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই 3 ডিচেম্বৰ তাৰিখ মঙলবাৰে উদ্বোধন কৰা হয় নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আদৰ্শ চিকিৎসালয়খন মুকলি কৰাৰ লগতে তামুলপুৰ দিঘেলীপাৰত 30খন বিচনাযুক্ত চিকিৎসালয়খন 50খন বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰিত কৰে ৷

BTC Chief Hagrama Mohilary in Tamulpur, BTC Chief inaugurates Model Hospital Nagrijuli, নাগ্ৰীজুলিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচি প্ৰধানে উদ্বোধন কৰিলে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়
শুভাৰম্ভ হ'ল নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

বাক্সা, 3 ডিচেম্বৰঃদীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই নাগ্ৰীজুলিবাসী ৰাইজৰ বাবে মুকলি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় ৷ মঙলবাৰে অৰ্থাৎ 3 ডিচেম্বৰ তাৰিখে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰে নৱ-নিৰ্মিত চিকিৎসালয়খন ৷ ইয়াৰ উপৰিও তামুলপুৰ দিঘেলীপাৰত 30খন বিচনাযুক্ত চিকিৎসালয়খন 50খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

শুভাৰম্ভ হ'ল নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় উদ্বোধন কৰাৰ পিচতেই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ সভাত স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী আৰু মহেশ্বৰ বসুমতাৰী উপস্থিত থাকে ৷ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত কোনোধৰণৰ অসুবিধা নহয় বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

লগতে পঢ়কঃ ভূপাল গেছ দুৰ্ঘটনাৰ 35 টা বছৰঃ প্ৰাপ্য বিচাৰি সংগ্ৰাম ভুক্তভোগীৰ

Last Updated : Dec 3, 2019, 9:53 PM IST

ABOUT THE AUTHOR

...view details