বাক্সা, 28 অক্টোবৰ :বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ মধুপুৰত মঙলবাৰে নিশা চোকা অস্ত্ৰৰে বন্ধুক হত্যা কৰি পলাতক হৈছিল এজন যুৱক ৷ দুয়ো বন্ধুৱে একেলগে সুৰাপান কৰাৰ মাজতে এটা বিড়িক লৈ কাজিয়াৰ সূত্ৰপাতৰ পৰিণতিত লোৰেন বিলুং নামৰ বন্ধুজনে ৰঞ্জিত বাৰ্লা নামৰ যুৱকজনক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে ।
বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী - বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী
বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী ৷ এটা বিড়িক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাচতে এজন বন্ধুয়ে আনজনক হত্যা কৰিছিল ৷

বাক্সাৰ নিকাছী আৰক্ষীৰ জালত বন্ধু হত্যাকাৰী
মধুপুৰৰ ঘন জংঘলত আত্মগোপন কৰি থকা অৱস্থাত পুৱতি নিশা হত্যাকাৰী লোৰেন বিলুঙক নিকাছী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বন্ধুৱে বন্ধুক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷
লগতে পঢ়ক :ধাৰাবাহিক নিযুক্তি কেলেংকাৰীয়ে নিৰ্বাচনত বিপদ ঘটাব নেকি বিজেপিক ?