বাক্সা,22 ডিচেম্বৰ:বিটিচি পৰিষদীয় নিৰ্বাচন সমাপ্ত হোৱাৰ 15 দিন সম্পূৰ্ণ নৌহওতেই বাক্সাৰ মুছলপুৰত এগৰাকী বিজেপি কৰ্মীক ডেগাৰেৰে হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই ৷ এই হত্যাকাণ্ডৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি,বাক্সাৰ আনন্দপুৰ চি ব্লক গাঁৱৰ মিন্টু কলিতা নামৰ বিজেপি কৰ্মী তথা ব্যৱসায়ী গৰাকীক সোমবাৰে নিশা মুছলপুৰৰ পৰা নিজ গৃহলৈ স্কুটিৰে আহি থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ মুছলপুৰৰ সমীপৰ লামিদাৰাত সংঘটিত এই আক্ৰমণৰ ফলত ব্যৱসায়ীগৰাকীয়ে থিতাতে মৃত্যুবৰণ কৰে ৷ ব্যৱসায়ীগৰাকীৰ মূৰ আৰু পেটত দুৰ্বৃত্তই ডেগাৰেৰে আক্ৰমণ কৰি মৃতদেহটো হাবিৰ মাজত পেলাই থৈ যায় ৷