বাক্সা, 31 জুলাই : এটা লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাত ৷ জানিব পৰা মতে এটা গাহৰিৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড ৷ বাক্সাৰ আঠিয়াবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰমচাৰীত সংঘটিত হৈছে এই ঘটনা ৷
বৃহস্পতিবাৰে বীৰেণ বসুমতাৰী নামৰ এগৰাকী লোকৰ খেতিত চুবুৰীয়া নৃপেন দৈমাৰীৰ নাম এজন লোকৰ পোহনীয়া এটা গাহৰি প্ৰৱেশ কৰি খেতিৰ শস্য কিছু পৰিমাণে ক্ষতিসাধন কৰে ৷ খেতি অনিষ্ট কৰাত বীৰেন বসুমতাৰীয়ে দাৰে গাহৰিটো আক্ৰমণ কৰাত নৃপেন দৈমাৰীৰ সৈতে সূত্ৰপাত হয় কাজিয়াৰ ৷ পৰৱৰ্তী সময়ত এই কাজিয়াই চূড়ান্ত ৰূপ হয় ৷
গাহৰি বাবে বৰমচাৰীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড লগতে পঢ়ক: অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...
নৃপেন দৈমাৰী আৰু ভাতৃ পত্নেশ্বৰ দৈমাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বীৰেণ বসুমতাৰী আৰু তেওঁৰ পত্নী দিপালীক ৷ আক্ৰমণৰ ফলত ঠাইতে মৃত্যুক আকোৱালী লয় বীৰেণ বসুমতাৰীয়ে ৷ আনহাতে গুৰুতৰভাৱে আহত বহয় পত্নী দিপালী বসুমতাৰী ৷
সম্প্ৰতি মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দিপালী ৷ পিচত ঘটনাৰ বিষয়ে জানিব পাৰি বৰমচাৰীত উপস্থিত হয় আঠিয়াবাৰী আৰক্ষী ৷ আৰক্ষীয়ে বীৰেণ বসুমতাৰীৰ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আনে আৰু মৰণোত্ত পৰীক্ষাৰ ব্যৱস্থা কৰে ৷
আঠিয়াবাৰী আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী দুই ভাতৃ ক্ৰমে নৃপেন দৈমাৰী আৰু পত্নেশ্বৰ দৈমাৰীক ৷ এই ঘটনাটোক লৈ সমগ্ৰ আঠিয়াবাৰী অঞ্চলতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: ব্ৰহ্মপুত্ৰক লৈ কিয় শংকিত হৈছে মাজুলী ?