বাক্সাৰ তামুলপুৰ মহকুমা পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ
বান, গৰাখহনীয়া আৰু ডি ভোটাৰৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে সাংসদ নৱ শৰণীয়াৰ তামুলপুৰ মহকুমা পৰিদৰ্শন ৷ বানত ক্ষতিগ্ৰস্ত কেইবাখনো গাওঁ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ৷
বাক্সা, 16 আগষ্টঃ বিগত বৰ্ষত বানত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলা, চলিকাণ্ডা, চাপাতল আদিত পাগলদিয়া নদীৰ গৰাহখহনীয়াই অঞ্চলটোৰ স্থানীয় মছজিদৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰীৰো বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ বানৰ পাছত প্ৰথমবাৰৰ বাবে শুক্ৰবাৰে পুৱাৰেই পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লয় । আনহাতে আবেলি ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাৰ বিনয়াপুৰৰ গণেশ চকত এখন ৰাজহুৱা সভাৰ আয়োজন কৰে । সভাতে এন আৰ চি ,ডি ভোটাৰ , মাটি ম্যাদি পাট্টাৰ আদি বিভিন্ন বিষয় সম্পৰ্কত সাংসদ গৰাকীয়ে উদাত্ত ভাষণ আগবঢ়াই । সাংসদ গৰাকীয়ে এন আৰ চি আৰু ডি ভোটাৰ সমস্যাত ভূগি থকা বিটিএডিবাসীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত এক আবেদন জনাব বুলি মন্তব্য কৰে ৷