বাক্সা,1নৱেম্বেৰঃ এইবাৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ ৰোষত পৰিলকোকৰাঝাৰ সাংসদ নৱ কুমাৰ শৰণীয়া। দেওবাৰে বাক্সাৰ গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ বিষয়ে সাংসদ গৰাকীয়ে কৰা বিৰূপ মন্তব্যত জাঙুৰ খাই উঠিছে বজৰংগ দল।
গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ - বজৰংগ দল
বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ বিষয়ে সাংসদ নৱ কুমাৰ শৰণীয়াই কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বজৰংগ দল ।
গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ
দেওবাৰে বজৰংগ দলৰ কৰ্মী সকলে নৱ শৰণীয়া মুৰ্দাবাদ, নৱ শৰণীয়াৰ গুণ্ডাগিৰি নচলিব, জয় শ্ৰীৰাম , বিশ্ব হিন্দু পৰিষদ জিন্দাবাদ আদি শ্ল’গানেৰে গোৰেশ্বৰ ৰেল গেটৰ সমীপত প্ৰতিবাদীস্থলী উত্তাৰ কৰি তোলে। উক্ত প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল শতাধিক কৰ্মকৰ্তা সকলে উপস্থিত থাকে ।